Businessবিশেষশীৰ্ষ

ফ্লিপকাৰ্টৰে সহযোগিতা নকিয়াৰ

উদ্দেশ্য ভাৰতৰ বজাৰত স্মাৰ্ট টিভি মুকলি কৰা

অনলাইন ই-কমাৰ্চ প্ৰতিস্থানসমূহৰ ভিতৰত ফ্লিপকাৰ্ট অন্যতম। তথ্য অনুসৰি ভাৰতৰ বজাৰত ইয়াৰ জনপ্ৰিয়তাও সৰ্বাধিক। এই জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰতিস্থানটোৰ সৈতে সহযোগিতা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ন’কিয়াই। উদ্দেশ্য ভাৰতৰ বজাৰত স্মাৰ্ট টিভি মুকলি কৰা। ইতিমধ্যেই ভাৰতৰ বজাৰত ছেমছাং, মাইক্ৰমেক্স, ইনটেক্স, ছাঅ’মি আদি বহুকেইটা স্মাৰ্টফোন নিৰ্মাতা প্ৰতিস্থানসমূহে স্মাৰ্ট টিভি বজাৰত মুকলি কৰিছে। সেয়ে এইবাৰ নকিয়াই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, এই মুহূৰ্তলৈকে নকিয়াই মুকলি কৰিবলগীয়া স্মাৰ্ট টিভি সম্পৰ্কে সবিশেষ তথ্য প্ৰকাশ কৰা নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close