বিজ্ঞানবিশেষশীৰ্ষসম্পাদকীয়

ফুল ফুলাৰ হাঁহি

ডাৰউইনৰ বিখ্যাত এবডমিনেল ৰহস্যৰ সমাধান

পুষ্পৰ প্রতি সকলােৰে এক অদ্ভুত আকর্ষণ। সেয়া মানুহে হওক বা অইন  জীৱ-জন্তুৱেই হওক। সৰু কীট-পতংগ এটাৰ পৰা পখিলা, চৰাই-চিৰিকটিলৈ ফুলৰ প্রতি আকর্ষণ স্বাভাৱিক। ৰামধেনুৰ সমস্ত ৰং ফুলত সিঁচৰতি হয় প্রাকৃতিকভাৱে।নানাৰঙী ফুলে সকলােৰে নয়ন জুৰায়। সুৱাসিত পুষ্পৰ বাবেই চৌদিশ আমােলমােলাই থাকে। ফুলক লৈ সকলােৰে ৰহস্য অতীজৰে পৰা | ফুলৰ ৰঙৰ কাৰণ কি? কেনেকৈ সৃষ্টিহ’ল ফুলৰ।

সাধাৰণতে উদ্ভিদৰ বংশবিস্তাৰৰ বাবে ফুল অপৰিহার্য। ফুলৰ পৰাই ফল আৰু ফলৰ পিছত গুটি। এই গুটিৰ পৰাই পিছত অংকুৰিত হয় নতুন উদ্ভিদ। যাৰ বাবে ফুলৰ মহত্ব সর্বাধিক। কিন্তু উদ্ভিদত ফুল আহিল ক’ৰপৰা। বিজ্ঞানীমহলত অতীজৰে পৰা এই বিষয়ত উৎসুকতা বিৰাজমান। জীৱৰ বিকাশৰ সূত্ৰৰ পৰা আমি জানাে যে, প্রথমে জলজ উদ্ভিদৰ পৰা আৰম্ভ হৈছিল প্রাণীৰ বিকাশ। বেক্টেৰিয়াৰ পৰা আৰম্ভ হৈ শেলাই, মজ তাৰ পিছত টেকীয়া বৰ্গৰ উদ্ভিদ বিকশিত হৈছিল। শেলাইৰ আৰম্ভণী ঘটিছিল পানীত। সেইবাবেই প্রাণীৰ আধাৰ পানীবুলি সকলােৱে কয়। পৰৱৰ্তী সময়ত মজ, টেকীয়াবৰ্গৰ উদ্ভিদে ভূমিত খােপনি পুতিছিল। তেতিয়াৰ পৰাই ভূমিত উদ্ভিদৰ বংশবিস্তাৰৰ পৰম্পৰা আৰম্ভ হৈছিল। ঢেকীয়াবৰ্গৰ অপুষ্পক উদ্ভিদে বিস্তৃতি লাভ কৰিছিল আৰু সর্বশেষত সপুষ্পক উদ্ভিদে বিকাশ লাভ কৰিছিল।

বিশ্ববিখ্যাত বিজ্ঞানী ছাৰ্লছ ডাউইনে সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত মতবাদ আগবঢ়োৱা এবডমিনেল মিষ্ট্রি সমাধান কৰা বুলি শেহতীয়াকৈ ব্রিটেইন আৰু চীনৰ এদল বিজ্ঞানীয়ে দাবী কৰিছে। তেওঁলােকে চলােৱা অনুসন্ধান অনুসৰি প্রায় ১৪৯ৰ পৰা ২৬৫ মিলিয়ন বছৰ পূর্বে ধৰাত আবিৰ্ভাৱ ঘটিছিল সপুষ্পক উদ্ভিদৰ। এইখিনি সময়তে অপুষ্পক উদ্ভিদৰ পৰা ক্ৰমবিকাশ ঘটি উদ্ভিদৰ ফুল ধৰা আৰম্ভ কৰিছিল।

ফুলৰ অধ্যয়নৰ লগত জড়িত এখন জাৰ্ণেলত এই বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰি বিজ্ঞানীৰ দলটোৱে কৈছে যে, সপুষ্পক উদ্ভিদৰ জীৱাশ্মৰ অধ্যয়ন চলাই এই সন্দৰ্ভত প্রকৃত তথ্য উদঘাটনৰ চেষ্টা চলােৱা হৈছে। আনহাতে বিজ্ঞানী দলক নেতৃত্ব দিয়া কলেজ লণ্ডন বিশ্ববিদ্যালয়ৰ জ’জ বাবা মণ্টয়াই এই বিষয়ত নিজৰ ব্যাখ্যা উল্লেখ কৰি কয় যে, ফুলৰ উৎপত্তিৰ বিষয়ে পূর্বতে যি ধাৰণা আছিল সেয়া শুদ্ধ নহয়। সপুষ্পক উদ্ভিদৰ উৎপত্তি পূর্বে ধাৰণা কৰা সময়তকৈয়াে অধিক পুৰণি। ফচিলসমূহৰ জিনৰ বিন্যাস অধ্যয়নৰ জৰিয়তে এই তথ্য লাভ কৰা গৈছে। ফুলৰ বিন্যাস অধ্যয়নৰ দ্বাৰা ফুলৰ উৎপত্তিৰ ক্ষেত্ৰত তথ্য লাভ কৰা গৈছে। ইয়াৰ উপৰি পৰাগ সংযােগ ফুল ফুলাৰ সময় আৰু ফুল পৰিপক্ক হােৱাৰ ব্যৱধানৰ ক্ষেত্ৰতাে পূর্বৰ সকলাে তথ্য চালিজাৰি চোৱাৰ পিছত ছালছ। ডাৰউইনৰ সেই বিখ্যাত এবডমিনেল  ৰহস্য সমাধান কৰা হৈছে। এতিয়াৰ পৰা নিশ্চিত হ’ব পাৰি যে ধৰাত সপুষ্পক উদ্ভিদৰ বিকাশ তেতিয়াৰ  : প্রায় ১৪৯ৰ পৰা ২৫৬ মিলিয়ন বছৰ পূর্বে আৰম্ভ হৈছিল। আৰু তেতিয়াৰ পৰাই ফল আৰু গুটিৰ পৰম্পৰা আৰম্ভ হৈছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close