অসমক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

ফিফাৰ বাসস্থান গুৱাহাটী

সৌ সিদিনা ভাৰত-ওমানৰ মাজত অনুষ্ঠিত কাটাৰ ফুটবল বিশ্বকাপ— এএফচি যােগ্যতা নির্ণয়ক মেচৰ ৰােমাঞ্চকৰ উন্মাদনা যুৱ প্ৰজন্মৰ মুখে মুখে ভাহি থকাৰ সময়তে ৰাজ্যৰ ক্ৰীড়াপ্রেমীলৈ আহিছে আন এক সুখবৰ। ২০২০ ফিফা ১৭ অনূর্ধ্ব (ছােৱালী) ফুটবল বিশ্বকাপৰ উদ্বোধনী মেচ অনুষ্ঠিত হ’ব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত। এয়া মিছা খবৰ নহয়। তথ্যৰ ভিত্তিত প্ৰদান কৰা চিৰ সত্য বাক্য। ইতিমধ্যে এই বিষয়ে আয়ােজক সমিতি ফিফাই হাইভল্টেজ টুর্ণামেন্টখনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামক বাছনি কৰি উলিয়াইছে। অৱশ্যে ঘৰুৱা দল ভাৰতৰ গৃহ শিবিৰ কোনখন ৰাজ্য হ’ব সেয়া এতিয়াও নিশ্চিত হােৱা নাই যদিও এক বিশেষ সূত্রৰ জৰিয়তে জানিব পৰা অনুসৰি গােৱাই হ’ব পাৰে ভাৰতীয় দলটোৰ অনুশীলন কেন্দ্র। উল্লেখ্য যে এই টুর্ণামেন্টৰ সামৰণি অনুষ্ঠান মুম্বাইত অনুষ্ঠিত হ’ব বুলি ইতিমধ্যে আয়ােজক দেশ ভাৰতে এই কথা প্রকাশ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close