বিশেষশীৰ্ষস্বাস্থ্য

ফল পকিলে হালধীয়া কিয় হয় ?

সঁচাকৈ ভাবিলে আচৰিত লাগে। ফলবােৰ পকিলে হালধীয়া কিয় হয় ? ফল পকিলে সাগৰৰ পানীৰ দৰে নীলা বা অন্য ৰঙৰ নহয় কিয় ? এই সন্দৰ্ভত কোনেও বর্তমানলৈকে প্রশ্ন উত্থাপন কৰা নাই। গভীৰভাৱে চাব গ’লে ই এক বৃহৎ ৰহস্য। এই ৰঙৰ ৰহস্য উদ্ঘাটন কৰিছে বৈজ্ঞানিকসকলে এইদৰে। যিকোনাে কেঁচা ফল বা শাক-পাচলিত প্ৰচুৰ পৰিমাণে ক্ল’ৰফিল থাকে যিয়ে ফল তথা শাক-পাচলিত যথেষ্ট পৰিমাণে সালােকসংশ্লেষণ প্রক্রিয়াত খাদ্য সংগ্রহত যথেষ্ট সহায় কৰে।

সালােক সংশ্লেষণ হ’ল এটি ৰসায়নিক প্রক্রিয়া। ইয়াৰ জৰিয়তে গছে সূৰ্যৰ পােহৰ, মাটি আৰু ক্ল’ৰফিল উপাদানৰ সৈতে মিলি খাদ্য উৎপন্ন কৰে। এই তিনিটা উপাদানৰ এটি উপাদান কম হলেই গছ এজোপা মৰি যায়। উদ্ভিদত ক্ল’ৰফিলৰ উপস্থিতিৰ বাবে ফল তথা শাক-পাচলিৰ ৰং সেউজীয়া হয়। ক্ল’ৰফিলে ফল-মূলক সতেজ কৰি ৰখাত যথেষ্ট সহায় কৰে। কিন্তু এসময়ত ক্ল’ৰফিলৰ বহন ক্ষমতা কমি আহে তেতিয়াই জান্থােফিল নামৰ উপাদানবিধ বৃদ্ধি পায়। যাৰ ফলত ফলৰ ৰঙৰ পৰিৱর্তন ঘটে। ফল তথা শাক-পাচলিত যেতিয়াই ক্ল’ৰফিলৰ উপস্থিতি কমি আহে তেতিয়াই ফলৰ ৰং কমি আহে। ক্রমান্বয়ে হালধীয়া ৰঙলৈ ৰূপান্তৰিত হয়। কেঁচা ফল ছিঙি আনি ঘৰতে থ’লেও ইয়াত ক্ল’ৰফিলৰ পৰিমাণ কমি আহে যাৰ ফলত ৰঙৰ পৰিৱৰ্তন হয়। তেনে স্থলত ফলবিধ পকাৰ পিছতে হালধীয়া বা ৰঙা হ’ব সেইটো নিৰ্ভৰ কৰে ফলৰ বিশ্লেষণৰ ওপৰত। উল্লেখ্য যে, যদিহে ফলত ক্ল’ৰফিলৰ উপাদান বেছি থাকে তেন্তে ইয়াৰ ৰং হালধীয়া আৰু কেটিনৰ প্রমাণ বেছি হলে কমলা ৰং ধাৰণ কৰে আৰু এয়াই হ’ল ফল পকিলে হালধীয়া হােৱাৰ প্রকৃত কাৰণ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close