বাণিজ্যভাল খবৰৰাষ্ট্ৰীয়শীৰ্ষ

পৰ্যটনৰ ক্ষেত্ৰত ভাৰতৰ আয় বৃদ্ধি

২০১৩ত ভাৰতৰ স্থান ৬৫ নম্বৰত থকাৰ বিপৰীতে ২০১৭ত ৪০তম

প্ৰতিবছৰে পৰ্যটন ক্ষেত্ৰখনত ভাৰতৰ আয় প্ৰয় ২৭ মিলিয়ন মাৰ্কিন ডলাৰ। ২০১৭ বৰ্ষত এক কোটিৰো অধিক পৰ্যটকে দেশ ভ্ৰমণ কৰিছে। কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীৰ মতে ভাৰতীয় জি ডি পিত পৰ্যটন ক্ষেত্ৰৰ অৱদান ৬.৮৮ শতাংশ। আনহাতে দেশৰ সমগ্ৰ কৰ্মসংস্থানৰ মাজত ১২ শতাংশ চাকৰি হৈছে পৰ্যটন ক্ষেত্ৰত। এই সকলোৰে মিলিত প্ৰভাৱ পৰিছে ট্যুৰিজিম কম্পিউটিটিভ ইনডেক্সত। ২০১৩ত ভাৰতৰ স্থান ৬৫ নম্বৰত থকাৰ বিপৰীতে ২০১৭ত হয়গৈ ৪০তম। পৰ্যটন ক্ষেত্ৰৰ খবৰ অনুসৰি চৰকাৰৰ ফালৰ পৰা পৰ্যটনৰ উন্নয়নৰ দিশত যি উদ্যোগ লোৱা হৈছিল সেয়াই বৰ্তমানৰ উন্নতিৰ মুখ্য কাৰণ। তাৰ উপৰি স্বদেশ দৰ্শণৰ প্ৰচাৰ আৰু প্ৰসাৰ খুবেই আশাপ্ৰদ। ইয়াৰ অধীনত ২০১৭-১৮ বৰ্ষত এঘাৰটা নতুন প্ৰকল্পক অগ্ৰাধিকাৰ দিয়া হৈছে। মন্ত্ৰণালয়ৰ শেহতীয়া খবৰ অনুসৰি, আহি থকা দিনবোৰত উত্তৰ-পূব ৰাজ্যসমূহত পৰ্যটনৰ প্ৰসাৰৰ দিশত বিশেষ চিন্তা-ভাৱনা কৰিছে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close