স্বাস্থ্য

প্লামৰ স্বাস্থ্য উপকাৰিতা

জিন্তি বৈশ্য

ৰসেৰে ভৰা প্লাম খাবলৈ যিদৰে সুস্বাদু একেদৰে আকৌ পুষ্টিকৰ তত্ত্বৰেও ই ভৰপুৰ। ইয়াত সন্নিবিষ্ট হৈ থকা প্রটিন, মিনাৰেল,আয়ৰণ,ভিটামিন- এ, ভিটামিন- চি, ডায়েটেৰি ফাইবাৰ,কার্বহাইড্রেট ও প্রয়োজনীয় এন্টি-অক্সিডেন্ট বোৰে মানুহৰ চুলিকে ধৰি মুখৰ সৌন্দৰ্য্য পৰা আদি কৰি শৰীৰৰ বিভিন্ন অংগৰ উন্নতি ঘটায় আৰু সুন্দৰ কৰি ৰাখে।
জানো আহকচোন ইয়াৰ কিছু অজানা কথা….
এই ফলটি বিটা-কেৰটিন ও ভিটামিনেৰে পৰিপূর্ণ ফলত নিয়মিত খালে মুখৰ সৌন্দৰ্য্য বৃদ্ধি পোৱাৰ লগতে চেহেৰাত বয়সৰ চাপ নপৰে।
এই ফলটিত থকা প্ৰপাৰটিজ বোৰে চৰ্মৰ ক্ষতস্থানত ৰক্ত চলাচল বৃদ্ধি কৰি দিয়ে, ফলত সালমইনাৰ দ্বাৰা বা আন কোনো ৰোগত মুখত বা শৰীৰৰ অন্য কোনো স্থানত দাগ থাকি ৰলে খুব সোনকালেই নোহোৱা হয়। কেৱল সেয়াই নহয় ক্ষতস্থানত নতুন কৈ স্কিন টিচু/চেল তৈয়াৰীটো প্লামে সহায় কৰে।
সূর্য্যৰ ক্ষতিকাৰক প্রভাৱৰ পৰা আপোনাৰ চেহেৰা ক ইয়াৰ ৰাসায়নিক তত্ত্ববোৰে ৰক্ষা কৰে।
নানা কাৰণত শৰীৰত যেতিয়াই মেলানিনৰ উৎপাদন বাঢ়ি যায়, তেতিয়াই মুখত কলা কলা দাগ পৰা দেখা যায় যাক আমি হাইপাৰপিগমেন্টেচন বুলি কঁও। প্লামৰ জুচ নিয়মিত সেৱন কৰিলে এই মেলানিনৰ উৎপাদন অনেক কমি যায়। ফলত দাগ বোৰো ক্ৰমান্বয়ে নোহোৱা হয়।
প্লামত থকা প্রচুৰ পৰিমাণৰ ভিটামিন ও প্রটিনে চুলিক ক্ষতি কৰিব পৰা উপাদানবোৰ মাৰি পেলায়। ফলত প্লাম নিয়মিত খালে চুলি স্বাস্থ্যৱান/মজবুত হোৱাৰ লগতে চুলি পৰা সমস্যাও ৰোধ হয়।
তেনে বতৰৰ ফল প্লাম খাওক আৰু সুস্থ থাকক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close