Life Styleলাইফষ্টাইলশীৰ্ষ

প্রিয়ংকা-নিক জোনৰ থেংকছ গিভিং ছেলফিত প্রেমৰ জোৱাৰ

মােহময়ী অভিনেত্রী প্রিয়ংকা চোপ্রা। অসম পর্যটন নিগমৰ একালৰ ব্ৰেণ্ড এম্বোদৰগৰাকীক লৈ সকলােৰে চকু থাকে। নিজতকৈ বহুত কম বয়সীয়া স্বামীকলৈও প্রিয়ংকাৰ ওপৰত চকু থাকে অনুৰাগিসকলৰ। অলেখ যুৱকৰ নিশাৰ সপােনৰ নায়িকা প্রিয়ংকা চোপ্রা হলিউডক লৈ ব্যস্ত। শেহতীয়াকৈ নিক জোনছ আৰু প্ৰিয়ংকাৰ থেংকছ গিভিং ছেলফিয়ে আলােড়ন সৃষ্টি কৰিছে। নিকৰ কান্ধত মূৰ থৈ এক সন্তোষৰ হাঁহিমাৰিছে প্রিয়ংকাই। আৰু এই ছবিখনে আগন্তুক খ্রীষ্টমাছৰ পূর্বেই সমগ্র বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে। এতিয়ালৈকে ছবিখনে ৪১৫৫৪৭ টা লাইক লাভ কৰিছে। ছেলফিখনত প্রিয়ংকাই লিখিছে—মই জীৱনৰ প্রতি অতি ধন্যবাদ জনাইছাে আৰু সকলাে আশীর্বাদে সদায়ে আমাৰ প্ৰেম আৰু আনন্দক সংযােজিত কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close