ক্ৰীড়াঙ্গণ

প্রতিভাৰ বলত জিলিকিছে প্রতিভাধৰে

মা-দেউতাই কয় পঢ়া-শুনা ভালকৈ কৰা, তেতিয়াহে ডাঙৰ মানুহ হ’ব পাৰিবা। সৰুৰে পৰাই আমাৰ মনত স্থান লাভ কৰে এটা উদ্দেশ্যই। সেয়া হ’ল পঢ়া-শুনা কৰি ডাঙৰ মানুহ হােৱাৰ। পিছে পঢ়াশুনা অবিহনে নিজৰ প্রতিভাক উজলাই তুলি সফলতা লাভ কৰিব পাৰি। সময়ে সময়ে এই কথা প্রমাণিত কৰি আহিছে বিভিন্ন ব্যক্তিয়ে। ধীরুভাই আম্ফানি, অমিতাভ বচ্চন, বিল গেটছ ইয়াৰে উদাহৰণ। সফলতা লাভ কৰি চেলিব্রেটি হৈ পৰা কেইজনমান ব্যক্তিক আজি পৰিচয় কৰাই দিম আপােনাৰ সৈতে। যিকেইজনে পদ্ধতিগত শিক্ষা নহয় প্রতিভাৰ বলত নিজক বিশ্বনাম উজলাইছে। ভাৰতীয় দলৰ ক্রিকেটাৰসকলৰ আনুষ্ঠানিক শিক্ষাৰ বিষয়ে জানিলে শিক্ষাত দুর্বল আন বহুতােৱে হয়তাে এবাৰ বাবে হলেও ভাবিব। নিজৰ কৰ্ম আৰু প্রতিভাহে গুৰুত্বপূর্ণ। শিক্ষা গৌণ। কেপ্টেইন। কোহলিক আমি সকলােৱে জানাে।বিশ্বৰ যিকোনাে বলাৰৰ মূৰৰ কামােৰণি কেপ্টেইন কোহলি মাত্র দ্বাদশ উত্তীর্ণ। নতুন দিল্লীৰ পৰা দ্বাদশ উত্তীৰ্ণ হৈয়ে কোহলিয়ে এতিয়া দপাই আছে ২২ গজৰ দূৰত্বত। ক্রিকেটত ‘গৰ্বৰ বুলিলেই এজন ব্যক্তিৰ ছবি ভাহি উঠে। সেয়া হ’ল শিখৰ ধাৱান। অপেনিং বেটছমেনগৰাকী মাত্র মেট্রিক উত্তীর্ণ। শিখৰ ধাৱানে মেট্রিকৰ দেওনা পাৰ হৈ দ্বাদশ মানলৈ পঢ়া-শুনা কৰিছে। এতিয়া আহাে বিশ্বৰ বিষাক্ত বলাৰ হিচাপে পৰিচিত বুম বুম বুমৰাহৰ কথালৈ। নিখােত য়র্কাৰেৰে প্রতিপক্ষক জলােকা-জলােকে পানী খুওৱা যশপ্রীত বুমৰা মেট্রিক উত্তীর্ণ। আহমেদাবাদৰ নিৰ্মাণ হাইস্কুলত পঢ়ি থকা সময়তেই আইপিএলত স্থান পাইছিল যশপ্রীত বুমৰাই। একেদৰে বুমৰাহৰ সৈতে বলিং বিভাগৰ দায়িত্বত থকা য়ুৱেন্দ্ৰ চহলাে মেট্রিকৰ দেওনা পাৰ কৰিছে। হাৰিয়ানাৰ জিন্দৰ ডিএভি পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰে চহলে। একেদৰে কুলদ্বীপ যাদৱাে কাণপুৰৰ কেডিএমএ ইণ্টাৰনেচনেল একাডেমীৰ পৰা স্কুলীয়া শিক্ষা সাং কৰে। ভাৰতীয় ক্রিকেট দলৰ হিটমেন হিচাপে পৰিচিত ৰােহিত শর্মাই মেট্রিকৰ দেওনা পাৰ হৈদ্বাদশমানলৈ পঢ়িছিল। দ্বাদশৰ পৰীক্ষাত বহাৰ পূর্বেই ৰােহিত আণ্ডাৰ ১৯ত নির্বাচিত হৈছিল আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল ৰােহিতৰ ক্রিকেট কেৰিয়াৰ। বেটমেনৰ ক্ষেত্ৰত কে এল ৰাহুলে বাংগালুৰুৰ পৰা বি. কম ডিগ্রী অর্জন কৰিছে। একেদৰে ঋষভ পন্তো বাণিজ্যৰ স্নাতক। এতিয়া আহাে ভাৰতীয় ক্রিকেটপ্রেমীৰ পছন্দৰ দুগৰাকী ব্যক্তি সেয়া হৈছে যুৱৰাজ সিং আৰু মহেন্দ্র সিং ধােনী। যুৱৰাজ সিঙৰ আনুষ্ঠানিক শিক্ষা হৈছে দ্বাদশ উত্তীর্ণ। আনহাতে মহেন্দ্র সিং ধােনীয়ে দ্বাদশ উত্তীর্ণ হােৱাৰ পাছতে ভাৰতীয় দলত স্থান লাভ কৰিছিল। অৱশ্যে পৰৱর্তী পর্যায়ত ৰাচীৰ পৰা বাণিজ্যত স্নাতক ডিগ্রী লাভ কৰে। আটাইতকৈ শেষত আহিছাে ভাৰতীয় ক্রিকেটৰ শেহতীয়া খেলুৱৈ এগৰাকীৰ আনুষ্ঠানিক শিক্ষালৈ। এইগৰাকী খেলুৱৈ সকলােৰে প্রিয়। আইপিএলেই হওক অথবা আন্তর্জাতিক ক্রিকেটেই হওক। কুঙ্কু পাণ্ডিয়াক কোনে নাজানে। এই কুঙ্কু পাণ্ডিয়া ওৰফে হার্ডিক পাণ্ডিয়া মাত্র নৱম শ্ৰেণীলৈকে পঢ়া।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close