আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতশীৰ্ষ

পৃথিৱীৰ দীর্ঘতম গাড়ী

এখন বিলাসবহুল গাড়ী। গাড়ীখন দেখা মাত্রেই যেন সকলােৰে মনত এবাৰ হ’লেও গাড়ীখনত উঠিবলৈ হেঁপাহ জাগি উঠিব। কাৰণ এই গাড়ীখন হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল গাড়ী। গাড়ীখনৰ নাম ‘ড্রিম’। লিমােজিন মডেলৰ ১০০ ফুট (৩০.৫ মিটাৰ) গাড়ীখনে ইতিমধ্যে গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাবলৈ সক্ষম হৈছে। হলীউড চলচ্চিত্ৰত ব্যৱহাৰৰ বাবে এই গাড়ীখন নির্মাণ কৰা হৈছিল। গাড়ীখন নির্মাণ কৰিছিল কেলিফর্ণিয়াৰ কাষ্টম কাৰ গুৰু’হিচাপে পৰিচিত জয় অহৰবার্গে। গাড়ীখনত ২৬টা চকাসহ দুটি চালক কেবিন আছে। কেৱল দীঘলেইনহয় সকলাে দিশৰ পৰাই গাড়ীখন ব্যতিক্রম। এই বিলাসবহুল গাড়ীখনত আছে ছুইমিং পুল, স্পা ৰুম, কিং চাইজ বেড, চান ডেক আদি। ইয়াৰ উপৰি হেলিকপ্টাৰ অৱতৰণৰ বাবেও আছে এটি হেলিপেড। শেহতীয়া তথ্য অনুসৰি আমেৰিকাৰ ড্রিম নামৰ এই গাড়ীখন নির্মাণ কৰা হয় ১৯৮০ৰ দশকত। এই ব্যতিক্রমী গাড়ীখন চিধা ৰাস্তাত চলােৱাতাে তেনেই সহজ। প্রশস্ত ৰাস্তাটো ইয়াক নিয়ন্ত্রণ কৰিব পৰা যায়। কিন্তু এই গাড়ীখন সৰু ৰাস্তাত পৰিচালনা তথা ড্রাইভিং কৰাটো সঁচাকৈয়ে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিয়নাে এই বিশালকায় গাড়ীখন চালকে নিজৰ নিয়ন্ত্ৰণত ৰখাটো যথেষ্ট কষ্টকৰ হৈ পৰে। সৰু ৰাস্তাত এই গাড়ীখনক নিয়ন্ত্রণ কৰাৰ বাবে গাড়ীখনৰ পিছৰ অংশত এটি বেকছিট ড্রাইভাৰ কেবিনৰ সুবিধা আছে। কিন্তু এই বিশাল গাড়ীখন ৰাস্তাত চলাবলৈ অনুমতি প্রদান কৰা হােৱা নাই। কেৱল এই গাড়ীখন হলীউড চলচ্চিত্র নির্মাণৰ কামতহে ব্যৱহাৰৰ অনুমতি প্রদান কৰিছে আমেৰিকা প্রশাসনে। কিন্তু ২০০৭ চনত এই গাড়ীখনক এখন প্রচাৰমূলক বাহন হিচাপে ব্যৱহাৰৰ বাবে আমেৰিকা প্রশাসনে এটি প্রতিষ্ঠানৰ সৈতে তিনি বছৰৰ বাবে চুক্তিবদ্ধ হৈছিল। তিনি বছৰৰ অন্তত প্রতিষ্ঠানৰটোৱে গাড়ীখন পৰিত্যক্ত অৱস্থাত এটি গুদামত পেলাই থৈছিল। ২০১২ চনত গাড়ীখনক নিলামৰ উদ্দেশ্যেই পুনৰ নতুনকৈ ৰূপ প্ৰদান কৰা হয়। ইয়াৰ পিছতেই যেন গাড়ীখনৰ ভাগ্য সলনি হয়। ২০১৪ চনত নিউয়র্ক অট’চিয়াম অটোমেটিভ টিচিং সংগ্রহালয় কর্তৃপক্ষই ঘােষণা কৰে যে, আমেৰিকাৰ এই ব্যতিক্রমী বাহনখন সংৰক্ষণ কৰা হ’ব। এতিয়াৰে পৰা গাড়ী প্রযুক্তি বিদ্যা শিক্ষার্থীসকলৰ শিক্ষাৰ সহায়ক হিচাপে এই গাড়ীখন ব্যৱহাৰ কৰা হ’ব। এই গাড়ীখনক উপযুক্ত শিক্ষা উপকৰণ হিচাপে গঢ় দিবলৈ আৰু কিছু সময়ৰ প্রয়ােজন হ’ব। উল্লেখ্য যে, নিউয়ৰ্কৰ অটোমেটিভ টিচিং সংগ্রহালয় কর্তৃপক্ষৰ এই ব্যতিক্রমী প্রচেষ্টাক সকলােৱে সহাৰি জনােৱাৰ লগতে প্রশংসাৰে উপচাই পেলাইছে। বর্তমান বিশ্বৰ এই দীর্ঘতম গাড়ীখন চাবলৈ সংগ্রহালয়ত যথেষ্ট লােকৰ ভিৰ পৰিলক্ষিত হােৱা দেখিবলৈ পােৱা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close