আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

পৃথিৱীত বৰ্হিজগতৰ প্ৰাণীৰ অস্তিত্ব

ভিন গ্রহৰ প্রাণীক লৈ মানুহৰ মাজত জল্পনা-কল্পনাৰ অন্ত নাই।এই বিষয়টোৱে প্ৰায়ে বাতৰিৰ শিৰােণাম দখল কৰিবলৈ সক্ষম হয়। কোনােৱে এই বিষয়টোক গ্রহণযােগ্য বুলি ভাবে যদিও আন একাংশই আকৌ নস্যাৎ কৰে। মুঠৰ ওপৰত বিষয়টোৰ ওপৰত চর্চা অব্যাহত থাকে। শেহতীয়াকৈ পুৰণি এখন ছবিক কেন্দ্ৰ কৰিয়েই পুনৰবাৰ চৰ্চালৈ আহিছে বিষয়টো। এই ছবিখনত স্পষ্ট ৰূপত দেখা গৈছে ভিন্ন গ্রহৰ এলিয়ানৰ এখন মহাকাশযান। এই ছবিখনে এতিয়া উত্তাল কৰিছে সমগ্র বিশ্ব। ইটালীৰ ফ্ল’ৰেন্স চহৰৰ পালাজ্জো ভেচ্চিও প্রাসাদৰ হল অফ হাৰকিউলিছৰ বেৰত আঁৰি থােৱা আছে এই বিশেষ ছবিখন।এই ছবিখনৰ নাম ‘মেডােনা এণ্ড চাইল্ড উইথ ইনফেন্ট চেন্ট জন দ্য বেপ্তিছ। পােন্ধৰ শতিকাত অংকণ কৰা এই ছবিখনৰ ওপৰ অংশত এটি আশ্চৰ্যকৰ বস্তু চিহ্নিত কৰিছে ইউ এফ অ’ হান্টাৰৰ দলটোৱে। তেওঁলােকৰ মতে ই এখন আশ্চৰ্যকৰ বাহন। নিঃসন্দেহেই এটি উৰন্ত বস্তু বা ভিন্ন গ্রহৰ প্ৰাণীৰ যান হ’ব পাৰে বুলি ঠাৱৰ কৰা হৈছে। এই উৰন্ত বস্তুটোক ভালকৈ লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ গাত কিছু কটাসদৃশ বস্তুৰ অৱস্থিতি ধৰা পৰিছে। ইয়াৰ উপৰি ছবিখনৰ আন অংশত দেখা পােৱা গৈছে এজন বিস্ময়ৰূপী মানুহ। দেখিবলৈ অদ্ভুত তথা এলিয়ানসদৃশ এই প্রাণীটোৱে সেই সময়ৰ ভিন্ন গ্রহৰ প্ৰাণীৰ অৱস্থিতিৰ কথাটোকে প্রমাণ কৰি দেখুৱাইছে। সেই সময়ত ভিন্নগ্রহৰ প্ৰাণীৰ সৈতে যে এক যাতায়াত ব্যৱস্থা সূচল আছিল সেই কথাই এই ছবিখনে ইংগিত সহকাৰে দাঙি ধৰিছে। নহ’লেনাে এনে অদ্ভুত প্রাণীৰ ছবিয়ে কোনাে শিল্পীৰ তুলিকাত প্রাণ পায় জানাে ? এনেবােৰ প্রশ্নই বর্তমান সময়ত উত্থাপিত হৈছে। আন এক তথ্যত পােহৰলৈ আহিছে যে এই চিত্ৰখন কোনাে এলিয়ান বা ভিন্ন প্রাণীৰ নহয়। এয়া হৈছে সেই সময়ৰ দেৱদূত বা উপাস্য দেৱতাৰ ছবি। আৰু দেহৰ অংশত যি কটাসদৃশ বস্তুৰ অৱস্থিতি আছে সেয়া হ’ল দেৱদূতগৰাকীৰ দেহৰ পৰা বিচ্ছুৰিত হােৱা আলােকৰশ্মি। কিন্তু এই উৰন্ত চাকিসদৃশ এই বস্তুটো সঁচাকৈয়ে দেৱদূত হয়নে ইয়াক লৈ গৱেষণা চলাই থকা হৈছে। উল্লেখ্য যে, গৱেষণাকালত যদিহে ইয়াৰ সত্যসত্যতা প্রমাণ হয় তেন্তে অতীতৰে পৰাই বহিঃজগতৰ প্রাণী সন্দৰ্ভত যি ৰহস্য ঘণীভূত হৈ আছিল তাৰেই যেন দুৱাৰ মুকলি হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close