ৰাষ্ট্ৰীয়শিক্ষাশীৰ্ষ

পুৰণি কিতাপ বহীত জ্ঞান বিচৰা শিক্ষকজন

ঘৰে ঘৰে গৈ কিতাপ-বহী সংগ্রহ কৰে চণ্ডীগড়ৰ সন্দীপ কুমাৰে

কোৱা হয় এগৰাকী শিক্ষক জ্ঞানৰ প্ৰদীপ। আৰু এই কথাষাৰকে প্ৰতিপন্ন কৰি দেখুৱালে এগৰাকী শিক্ষকে। এইগৰাকী শিক্ষকৰ ঘৰ চন্ডীগড়ত। নাম সন্দীপ কুমাৰ।তেওঁ দৰিদ্ৰ পৰিয়ালৰ স্কুলীয়া ছাত্র-ছাত্রীক বিনামূলীয়াকৈ কিতাপ-বহী যােগান ধৰে। ইয়াৰ বাবে সন্দীপ কুমাৰে বিগত দুবছৰ ধৰি নিতৌ মানুহৰ ঘৰে ঘৰে গৈ পুৰণি বা অলাগতিয়াল কিতাপ-বহী সংগ্রহ কৰে। সন্দীপৰ এনে কামৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে চণ্ডীগড়ৰ আৰু বহু লােকে শিক্ষকগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

সম্প্রতি সন্দীপৰ নেতৃত্বত এটা দলে মানুহৰ ঘৰে ঘৰে গৈ পুৰণি কিতাপ-বহী সংগ্রহ কৰে। এতিয়ালৈ সন্দীপ আৰু তেওঁৰ দলটোৱে ১০ হেজাৰৰাে অধিক কিতাপ সংগ্রহ কৰিছে। সন্দীপে সংগ্রহ কৰা কিতাপ লৈয়েই ২০০ ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰি আছে। শিক্ষক প্রশিক্ষণ কার্যসূচীত অংশ লৈ থকা সময়তে সন্দীপৰ মনলৈ এনে ধৰণৰ চিন্তা আহিছে। মই দেখিছিলাে যে কিতাপ-বহীৰ অভাৱত বহুতেই পঢ়া-শুনা কৰিব নােৱাৰে। তেতিয়াই মই এনে দৰিদ্ৰ পৰিয়ালৰ ল’ৰাছােৱালীক লৈ সংকল্প লৈছিলাে’– সন্দীপ কুমাৰে এনেদৰে কয়। সম্প্রতি সন্দীপ আৰু তেওঁৰ নেতৃত্বত কাম কৰা দলটোৱে কলেজ আৰু স্কুলৰ বাহিৰতাে শিবিৰ স্থাপন কৰে। অলাগতিয়াল কিতাপ-বহী স্কুলকলেজীয়া ছাত্র-ছাত্রীক জমা দিবলৈ তেওঁলােকে অনুৰােধ জনায়। ইতিমধ্যে সন্দীপৰ এনে প্রচেষ্টাক অনেকেই প্রশংসা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close