শীৰ্ষসাংস্কৃতিক

পুৰণিগুদামত চিৰযুগমীয়া গীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি

দিব্যজ্যোতি ভূঞা

ৰুদ্ৰ বৰুৱা সঙ্গীত একাডেমি,অবিনশ্বৰ গোষ্ঠীৰ উদ্যোগত পুৰণিগুদামস্থিত ড৹ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী প্ৰেক্ষাগৃহত যোৱা ১১ জুলাইৰ পৰা অনুষ্ঠিত হোৱা চিৰযুগমীয়া গীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালাখনি ২২ জুলাইৰ নিশা দৃষ্টিনন্দন সাংস্কৃতিক কাৰ্য্যসূচীৰে সফল সামৰণি পৰে৷ বিয়লি ৪-৩০ বজাত ৰুদ্ৰ বৰুৱাৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান শুভাৰম্ভ কৰে ৰুদ্ৰ বৰুৱা সঙ্গীত একাডেমিৰ অধ্যক্ষ অনিল দাসে৷ ইয়াৰ পাছতে একাডেমিৰ দুগৰাকী ছাত্ৰীয়ে সুললিল কণ্ঠৰে বৰগীত পৰিৱেশন কৰি উপস্থিত শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰে৷
প্ৰতিষ্ঠিত নাট্যকাৰ তথা অবিনশ্বৰ গোষ্ঠীৰ সম্পাদক দীপক বৰা আৰু নাট্যকৰ্মী তথা কবি,আবৃত্তিকাৰ পূৰৱী শইকীয়াই আঁট ধৰা অনুষ্ঠানটিত কৰ্মশালাৰ প্ৰায় ৭২ গৰাকী বিভিন্ন বয়সৰ প্ৰশিক্ষাৰ্থীয়ে ভোৰতাল নৃত্য আৰু গীত পৰিৱেশন কৰে৷বাৰদিনীয়া চিৰযুগমীয়া গীত আৰু ভোৰতাল নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানতে ভূপেন্দ্ৰ সঙ্গীতৰ প্ৰশিক্ষক নয়নজ্যোতি শইকীয়া,জয়ন্ত সঙ্গীতৰ প্ৰশিক্ষক নীলোৎপল গায়ন,গোৱালপৰীয়া লোকগীতৰ প্ৰশিক্ষক গৌৰী মহন্ত,ৰুদ্ৰ বৰুৱা গীতৰ প্ৰশিক্ষক ৰঞ্জন বৰা আৰু সুদূৰ বৰপেটাৰ পৰা অহা ভোৰতাল নৃত্যৰ মুখ্য প্ৰশিক্ষক ক্ৰমে,  দীনেশ চন্দ্ৰ দাস,সহকাৰী প্ৰশিক্ষক গৌৰৱ ওজা আৰু শৰৎ পাঠকক ৰুদ্ৰ বৰুৱা সঙ্গীত একাডেমি,অবিনশ্বৰ গোষ্ঠীৰ তৰফৰ পৰা ৰাজহুৱা সম্বৰ্ধনা জনায়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close