অসমআন্ত-ৰাষ্ট্ৰীয়ক্ৰীড়াঙ্গণভাল খবৰশীৰ্ষ

পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত উজ্বলিল অসম সন্তান

দুটাকৈ স্বৰ্ণ পদক লামডিঙৰ ফনীভূষনৰ

লামডিঙৰপৰা পল্লৱী কলিতা, ভাল খবৰ: দৰিদ্ৰতা কেতিয়াও প্ৰতিভাৰ হেঙাৰ হ’ব নোৱাৰে৷ সেই কথাকেই আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে লামডিঙৰ এজন খেলুৱৈয়ে৷ কমনৱেলথ্ গেমছত ভাৰতে ৬৬টা পদক অৰ্জন কৰাৰ সময়তে ভাৰতে আন দুটা স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হ’ল।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিয়া জগতত স্বৰ্ণ পদকলৈ পুনৰ বাৰ উজ্বলি উঠিল অসম সন্তান ফনী ভূষন চক্ৰৱৰ্তী ৷

৭ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ ইন্দোনেচিয়া বালিত অনুষ্ঠিত হৈ যোৱা International Strengthlifting আৰু Inclined benchpress প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি আন্ত:ৰাষ্ট্ৰীয় ক্ৰিয়া জগতত ৮ খন দেশৰ সৈতে প্ৰতিদণ্ডিতাত অংশগ্ৰহণ কৰে ফনীভূষন চক্ৰৱৰ্তীয়ে। প্ৰতিযোগিতাত পাকিস্তান, শ্ৰীলংকা, কলম্বিয়া, মলেয়ছিয়া, থাইলেণ্ড আদিকে ধৰি মুঠ ৮ খন দেশক হৰোৱাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ফনীভূষন চক্ৰৱৰ্তীয়ে৷

৪২ বছৰে লামডিঙৰ এইগৰাকী খেলুৱৈয়ে অসমৰ হৈ বহুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলি অহাৰ লগতে চাৰিবাৰকৈ অন্ত:ৰাষ্ট্ৰীত প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদণ্ডিতা কৰি আহিছে ৷ কিন্তু অতি আশ্বৰ্যজনকভাৱে বিগত ৪২ বছৰে অসমৰ হৈ খেলি অহা এইজন ফনীভূষন চক্ৰৱতীক কোনো চৰকাৰৰ আঁচনিয়েও ঢুকি নাপালে আজি পৰ্যন্ত। নিস্বাৰ্থভাৱে লামডিং বন্ধুবৰ্গৰ সহায়ত ধন সংগ্ৰহ কৰি খেলিবলৈ যায় তেওঁ ৷ এটা ভঙা চিগা জুপুৰিত বসবাস কৰা ফনীভূষন চক্ৰৱৰ্তীয়ে ধনৰ অভাৱত তিনিবাৰকৈ আন্ত:ৰাষ্ট্ৰীয় ক্ৰীয়া প্ৰতিযোগীতাত অংশ গ্ৰহণৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছিল। অৱশ্যে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে স্থানীয় লামডিঙৰ বিধায়ক শিবু মিশ্ৰৰ জৰিয়তে তেওঁক মাত্ৰ ৫০ হাজাৰ টকা অনুদান দিয়ে যদিও এই অনুদান ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত বহু গুণেই কম। কিন্তু আৰ্থিকভাৱে ভাগি পৰিছে ফনীভূষনৰ পৰিয়ালবৰ্গ।

ইফালে ফনীভূষনে মন্তৱ্য কৰে যে যদিও চৰকাৰে সহায় নকৰে তথাপিও তেওঁ ভিক্ষা খুজি আগন্তুক দিনত ভাৰতৰ হৈ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিয়াজগত আগুৱাই যাব৷ জীৱনৰ ৪২টা বছৰ তেওঁ খেলৰ বাবে জীৱনটো ত্যাগ কৰা অসম তথা ভাৰতৰ নাম উজ্জ্বল কৰা এইজন দুখীয়া খেলুৱৈলে ভৱিষ্যতে চৰকাৰে কোনো ব্যৱস্থা কৰিব নে সেয়াহে বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে ৷

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close