অসমশীৰ্ষ

পুঠিমাৰীত প্ৰজ্ঞাসূৰ্য ঘনকান্ত তালুকদাৰ ৯৪ সংখ্যক জন্মদিৱস পালন

চিন্ময় লহকৰ

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত এক বিশেষ বৰঙণি আছে বজালী মহকুমাৰ পূব হস্তিনাপুৰ অঞ্চলৰ৷ সেই সময়তে বৃহত্তৰ অঞ্চলটোৰ পুঠিমাৰীত কলৰগুৰি নামৰ সেৱাশ্ৰম পাতি অঞ্চলটোৰ কেবাগৰাকীও ব্যক্তিয়ে আন্দোলনত জপিয়াই পৰিছিল৷ স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত এগৰাকী অন্যতম ব্যক্তি আছিল ঘনকান্ত তালুকদাৰ৷ তীক্ষন মেধাসম্পন্ন হিচাপে পৰিচয় দিয়া তথা এখন বিদ্যালয়ৰ শিক্ষক হৈও স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা তালুকদাৰ ঘনা পণ্ডিত হিচাপে বৃহত্তৰ বজালীত পৰিচিত আছিল৷ দেশসেৱা, শিক্ষা, সাহিত্য সংস্কৃতি আদি ক্ষেত্ৰৰ লগতে বিভিন্ন ক্ষেত্ৰত ব্যুৎপত্তি থকা প্ৰয়াত ঘনকান্ত তালুকদাৰৰ আদৰ্শ সঁচাকৈয়ে অনুকৰণীয়, অনুপ্ৰেৰণাৰ উৎস৷ পুঠিমাৰী সাহিত্য সভাৰ উদ্যোগত আৰু প্ৰজ্ঞাসূৰ্য ঘনকান্ত তালুকদাৰ স্মৃতি ন্যাস সমিতিৰ সহযোগত যোৱা ২০ জুলাইত পুঠিমাৰী কলৰগুৰি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত প্ৰজ্ঞাসূৰ্য ঘনকান্ত তালুকদাৰৰ ৯৪ সংখ্যক জন্মদিৱস অনুষ্ঠানৰ লগত সংগতি ৰাখি ‘সাম্প্ৰতিক প্ৰেক্ষাপটত পূব হস্তিনাপুৰৰ অতীত আৰু ভৱিষ্যত’ শীৰ্ষক আলোচনা চক্ৰ আৰু সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰি এই মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদ, আনন্দৰাম বৰুৱা একাডেমিৰ অধ্যক্ষ ড০ ৰণজিৎ ডেকাই৷ ভাষণ প্ৰসংগত ড০ ডেকাই আৰু কয় যে স্বাধীনতা সংগ্ৰামত অনবদ্য আগবঢ়োৱা অঞ্চলটো আজিও বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ অহাৰ লগতে বজালী মহকুমাৰে এটি অনগ্ৰসৰ অঞ্চল হিচাপে পৰিচিতি পাই আহিছে যদিও অঞ্চলটোৰ সমস্যাসমূহ সমাধা কৰাৰ বাবে যেন কাৰোৰে আহৰি নোহোৱাটো অতি পৰিতাপৰ বিষয়৷ অঞ্চলটোত বিভিন্ন প্ৰতিভাধৰ যুৱক যুৱতী আছে যদিও পৰ্যাপ্ত পৰিমাণৰ সা সুবিধাৰ বাবে প্ৰষ্ফুটিত হৈ উঠা নাই বুলি ড০ ডেকাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
পূৱ হস্তিনাপুৰ অঞ্চলটোৰ পৰা কৰ্মসংস্থাপন দিব পৰা ব্যক্তি ওলাওক, ঘনাকান্ত তালুকদাৰৰ নিচিনা ব্যক্তিৰ জন্ম হওঁক, অঞ্চলটোৰ অতীতৰ লগত এই অঞ্চলৰ ভৱিষ্যত সোণোৱালী হৈ উঠাৰ লগতে নব প্ৰজন্মক প্ৰজ্ঞাসূৰ্য পণ্ডিত ঘনকান্ত তালুকদাৰৰ আদৰ্শৰে উদ্ভুদ্ধ হবলৈ ড০ ডেকাই আহ্বান জনায়৷ পুঠিমাৰী সাহিত্য সভাৰ সভাপতি গিৰীণ পাটগিৰীৰ সভাপতিত্বত আৰু সম্পাদক ত্ৰিদিবৰঞ্জন ঠাকুৰীয়াই আঁত ধৰা সভাত আলোচক হিচাপে অংশগ্ৰহণ কৰি পুঠিমাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক বসন্ত ঠাকুৰীয়া আৰু বিশিষ্ট শিক্ষাবিদ টিকেন্দ্ৰজিৎ পাটগিৰীয়ে সাম্প্ৰতিক প্ৰেক্ষাপটত পূব হস্তিনাপুৰৰ অতীত আৰু ভৱিষ্যত সম্পৰ্কে বিস্তৃতভাবে দাঙি ধৰি অঞ্চলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ ইয়াৰ পূৰ্বে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বিশিষ্ট শিক্ষাবিদ নিৰঞ্জন ঠাকুৰীয়াই, গছপুলি ৰোপন কাৰ্যসূচী মুকলি কৰে শিক্ষাবিদ যতীন কলিতাই৷ প্ৰান্তিকা তালুকদাৰৰ গীত আৰু ইপ্সিতা চৌধুৰীৰ কবিতা আবৃতিয়ে সকলোকে আপ্লুত কৰি তোলা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ বাসুদেৱ তালুকদাৰ, ভৱানীপ্ৰসাদ দত্ত সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে প্ৰজ্ঞাসূৰ্য ঘনকান্ত তালুকদাৰৰ জেষ্ঠ্য পুত্ৰ কৰ্ণেল ৰঞ্জিত তালুকদাৰ, কনিষ্ঠ পুত্ৰ সোমজিৎ তালুকদাৰ আৰু শিক্ষাবিদ টিকেন্দ্ৰজিৎ পাটগিৰীয়ে৷ উল্লেখযোগ্যযে বজালীৰ এজন মহান ব্যক্তি, মুক্তিযুঁজাৰু, কেবাখনো গ্ৰন্থৰ ৰচক, শিক্ষাবিদ, পণ্ডিত, প্ৰজ্ঞাসূৰ্য তথা পুঠিমাৰী গাঁও নিৱাসী ঘনকান্ত তালুকদাৰৰ বিগত পাঁচ বছৰ পূৰ্বে দেহাবসান ঘটে আৰু অঞ্চলটোৰ ৰাইজে এইগৰাকী মহান ব্যক্তিক সন্মান প্ৰদৰ্শনৰ বাবে বামাখাটা কৰ্দেগুৰি গড়কাপ্তানী পথৰ লগত সংলগ্ন হাঠিনাপুৰ-শিঙিমাৰী-লাউগাও পথটো প্ৰজ্ঞাসূৰ্য ঘনকান্ত তালুকদাৰৰ নামেৰে নামাকৰণ কৰাৰ বাবে চৰকাৰলৈ আহ্বান জনাইছিল যদিও ৰঙাফিটাৰ মেৰপেচত আজিও এই কাম হৈ নুঠাতো অতি পৰিতাপৰ বিষয় বুলি সভাত উপস্থিত বিশিষ্টসকলে ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে পথটো প্ৰজ্ঞাসূৰ্য ঘনকান্ত তালুকদাৰৰ নামেৰে নামাকৰণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close