চিন্তাজগতবিশেষমনৰ খবৰশীৰ্ষ

পিতৃ-মাতৃৰ প্রতি সন্তানৰ কর্তব্য

পূজা মণ্ডল

বর্তমান আমাৰ আধুনিক সমাজত এটা লজ্জাজনক আৰু ডাঙৰ সমস্যা হৈছে বৃদ্ধ পিতৃ-মাতৃক অৱহেলাৰ দৃষ্টিৰে চোৱাটো। আধুনিকতাৰ এই যুগত বৃদ্ধ পিতৃ-মাতৃ একাংশ ভদ্র লােকৰ বাবে যেন বােজা হৈ পৰিছে। যাৰ বাবে আমি এই পৃথিৱীখন দেখিলাে, সৰুৰে পৰা ডাঙৰ-দীঘল কৰি উচ্চ শিক্ষা গ্রহণৰে সমাজত এখন উচ্চ আসন প্রদান কৰিলে, সেই পিতৃ-মাতৃক কিন্তু আমি ঘৰৰ পৰা বাহিৰ কৰিবলৈ কোনাে ধৰণৰ কুণ্ঠাবােধ কৰা নাই। যিটো সময়ত খােজতে খােজ মিলাই এটা বিলাতী কুকুৰ পুহিবৰ বাবে আমি ঘৰত সকলাে সুবিধাপ্রাপ্ত কোঠা নির্মাণ কৰিছে। ৰাতিয়ে দিনে সি কি খাব, কেতিয়া কেনেধৰণৰ চিকিৎসা প্রদান কৰা হ’ব ইত্যাদিবিলাক ডাক্টৰৰ দ্বাৰা পৰামর্শ গ্রহণ কৰিছাে। ঠিক সেই সময়তে আমি আমাৰ পিতৃমাতৃক বৃদ্ধাশ্রমত ৰাখিছােগৈ। বর্তমান সময়ত অত্যধিক কর্মব্যস্ততা, উচ্চাকাংক্ষা, সময়ৰ লগত খােজ মিলাই চলাৰ প্ৰতিযােগিতা, ভােগ-বাসনাই বস্তুবাদী চিন্তা কৰি তােলাত যথেষ্ট পৰিমাণে ইন্ধন যােগাইছে সঁচা, কিন্তু এই ব্যস্ততাপর্ণ সমাজ ব্যৱস্থাৰ মাজতাে আমাৰ জন্মদাত্রী পিত -মাতৃক জানাে পাহৰি যােৱা উচিত। প্রচুৰ পৰিমাণে টকা-পইচা, ধন-সােণ ঘটাৰ আকাংক্ষাত আমি যেন সকলাে হেৰুৱাই পেলাইছাে। ল’ৰা-ছােৱালীক ভাল স্কুলত পঢ়োৱা, টিউচন দিয়া, পৰীক্ষাত সর্বাধিক নম্বৰ পােৱাৰ প্রতিযােগিতাত আমি যেন পাহৰি গৈছাে আমাৰ দায়িত্ব আৰু কর্তব্য। একাংশ লােকে সমাজত নিজ পিতৃ-মাতৃক চিনাকি কৰাই দিবলৈ লজ্জাবােধ কৰা, ইংৰাজী শব্দ ব্যৱহাৰ কৰি কথা পতা ইত্যাদিবিলাকৰ লগত খাপ খুৱাই চলিবলৈ আমাৰ পিতৃ-মাতৃসকল হেনাে সক্ষম নহয়। একাংশ সন্তানৰ মতে আকৌ ককা-আইতাকৰ লগত সন্তানে কথা পাতিলে পঢ়া-শুনাত বাধা সৃষ্টি হয়, ইংৰাজী মাধ্যমৰ এখন ভাল স্কুলত পঢ়াব নােৱাৰিলে, সর্বাধিক নম্বৰ লাভ নকৰিলে ওচৰ-চুবুৰীয়াৰ আগত মুখ উলিয়াব কেনেকৈ সেইয়েহে বহুতৰ মনত ধাৰণা তেওঁলােকক বৃদ্ধাশ্রমলৈকে প্ৰেৰণ কৰা হওক। এয়া নিশ্চয় আমাৰ শিক্ষিত প্রজন্মৰ কাম্য হােৱা উচিত নহয়। ইয়াৰ কাৰণ যদি আমি চাবলৈ যাওঁ ই কেৱল আমাৰ স্বাৰ্থপৰতা, মনৰ সংকীর্ণতা, পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱৰ বাহিৰে আন একো নহয়, সমাজৰ একাংশ শিক্ষিত প্রজন্মৰ জৰিয়তেহে এইসমূহ হােৱা দেখা যায় তাৰ বিপৰীতে কিন্তু গাঁৱত সাধাৰণভাৱে খেতি কৰি জীৱন নির্বাহ কৰাসকলৰ মাজত এয়া দেখিবলৈ সততে নাপাওঁ। এই ক্ষেত্ৰত চৰকাৰে শেহতীয়াকৈ কিছু সিদ্ধান্ত গ্রহণ কৰা পৰিলক্ষিত হৈছে যদিও কার্যক্ষেত্ৰত এয়া কিমানদূৰ আগবাঢ়ে সময়েহে ক’ব। শেষত সকলােৰে ওচৰত অনুৰােধ যে, পিতৃ-মাতৃয়ে হৈছে আমাৰ বাবে ভগৱান, যাৰ বাবে আমি এই দৃষ্টিনন্দন পৃথিৱীখন দেখিলাে, যাৰ ঔৰসত আমি জন্ম লাভ কৰিলাে, ন মাহ আমাক নিজৰ গৰ্ভত ৰাখি ডাঙৰ-দীঘল কৰি সমাজত এখন আসন প্রদান কৰিলে সেই পিতমাতৃক অৱহেলা কৰাটো নিশ্চয় অকৃতজ্ঞৰ পৰিচয়ে নহয় চৰম লজ্জাজনকো। আমি পাহৰি যােৱা উচিত নহয় যে, আমি আমাৰ পিতৃ-মাতৃক যি কৰিছাে আমাৰ লগতাে এদিন সেয়াই হ’ব, অসমীয়া ডাকৰ বচনতাে ইয়াৰ অনেক উক্তি আছে। সেয়েহে আমাৰ পাছৰ প্ৰজন্মক নৈতিক শিক্ষা প্রদানেৰে সমাজত এজন দায়িত্বশীল মানুহ হিচাপে নিজকে পৰিচয় দিওঁ আহক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close