অসমসাংস্কৃতিক

পাঠশালাত ৰাজমুকুট থিয়েটাৰৰ শুভাৰম্ভ

চিন্ময় লহকৰ , বজালী

নাট্যনগৰী পাঠশালাত এতিয়া থিয়েটাৰৰ বতৰ । কালি পাঠশালা ত নতুন নাট্য বৰ্ষৰ শুভাৰম্ভ কৰে ৰাজমুকুট থিয়েটাৰে l আনুষ্ঠানিক ভাৱে কালি নাট্যবৰ্ষ উদ্বোধন কৰি শুভাৰম্ভ কৰে সংগীত নাটক একাডেমী বঁটা প্ৰাপ্ত ৰামকৃষ্ণ তালুকদাৰে । ইয়াৰ মাজতে ৰাজমুকুট থিয়েটাৰে কালি মঞ্চত প্ৰদান কৰে অচ্যুত লহকৰ সোৱঁৰণী বঁটা । ভ্ৰাম্যমান থিয়েটাৰ ৰ জন্ম লগ্নৰ চিত্ৰশিল্পী প্ৰমোদ তালুকদাৰক প্ৰদান কৰা হয় অচ্যুত লহকৰ সোৱঁৰণী বঁটা । বঁটা প্ৰদান কৰে অচ্যুত লহকৰ ৰ সহধৰ্মিনী কিৰণ লহকৰে । উল্লেখযোগ্য যে প্ৰতিবছৰে ৰাজমুকুট থিয়েটাৰে অচ্যুত লহকৰ সোৱঁৰণী বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰা হয় । একেখন মঞ্চতে কালি কেবাজনো বিশিষ্ট ব্যক্তিক  সম্বৰ্দ্ধনাও জনোৱা হয় l ইয়াৰ পিছতে ই নাট্যকাৰ ভাস্কৰ বৰ্মন ৰ বাক্যবান নাটখন মঞ্চস্থ কৰি নাট্যদল টোৱে নতুন বছৰৰ পাতনি মেলে l

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close