অসমশীৰ্ষ

পাঠশালাৰ উদ্দীপনলৈ “বীৰ চিলাৰায়” বঁটা

চিন্ময় লহকৰ , বজালী

অসম চৰাকৰে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী ( NCC ) ৰ জৰিয়তে নৱপ্ৰজন্মৰ দেশসেৱাৰ প্ৰতি উদ্ধুদ্ধ ধৰিবলৈ প্ৰতি বছৰে প্ৰদান কৰি আহিছে “বীৰ চিলাৰায়” বঁটা । প্ৰতি বছৰ স্বাধীনতা দিৱসৰ দিনা প্ৰদান কৰা এই সন্মানপূৰ্বক বঁটা ২০১৯ বৰ্ষৰ বাবে লাভ কৰিছে সৈনিক স্কুল গোৱালপাৰাৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা বজালী মহকুমাৰ পাঠশালাৰ সন্তান ছাৰ্জেন্ট উদ্দীপন দেৱ চৌধুৰীয়ে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ হৈ ২০১৯ বৰ্ষৰ গণতন্ত্ৰ দিৱসত দিল্লীত অনুষ্ঠিত গণতন্ত্ৰ দিৱস কেম্প (RDC) ত অংশগ্ৰহণ কৰা উদ্দীপন দেৱচৌধুৰী বি.এইচ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক নয়নেন্দ্ৰ নাৰায়ণ দেৱচৌধুৰী আৰু ভট্টদেৱ বিশ্ববিদ্যালয় , বজালীৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড° বিনীতা দেৱ চৌধুৰীৰ কণিষ্ঠ পুত্ৰ । ছাত্ৰ গৰাকীৰ এই সাফলত বজালীবাসী উৎসাহী

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close