অসমবিশেষ

পাঠশালাত গ্ৰন্থ উন্মোচনী সভা

নগেন চৌধুৰীলৈ "বৃক্ষবন্ধু" উপাধি

 

পাঠশালাৰ পৰা দীপজ্যোতি শৰ্মাৰ প্ৰতিবেদন, ভাল খবৰ: পাঠশালা ৰাইটাৰ্ছ ফ’ৰাম, কহিনুৰ থিয়েটাৰ আৰু পাঠশালা প্ৰেছ ক্লাৱৰ সহযোগত ২২ এপ্ৰিল দেওঁবাৰে কহিনুৰ থিয়েটাৰৰ বাকৰিত অনুষ্ঠিত হয় এখন গ্ৰন্থ উন্মোচনী সভা৷ আড়ম্বৰ পূৰ্ণ এই অনুষ্ঠানত পুৰন্দৰ পাটগিৰি দেৱৰ ভ্ৰমণ কাহিনীৰে পৰিপূৰ্ণ “তোমাক নয়ন ভৰি চাও” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়।

গ্ৰন্থখন উন্মোচন কৰে ৰাষ্ট্ৰীয় গৌৰৱ বঁটা প্ৰাপক বিশিষ্ট সমাজকৰ্মী তথা অৱসৰ প্ৰাপ্ত শিক্ষক ৰমেশ চন্দ্ৰ শৰ্মাই৷ গ্ৰন্থ উন্মোচনৰ লগত সংগতি ৰাখি বহু কেইজন ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে নিজস্ব একক প্ৰতিষ্ঠাৰে গছপুলি ৰোপন আৰু প্ৰতিপালনৰ বাবে প্ৰতিষ্ঠা কৰা স্বেচ্ছাসেৱী সংস্থা “সেউজী ধৰা”ৰ সঞ্চালক নগেন চৌধুৰীলৈ “বৃক্ষবন্ধু ” উপাধি প্ৰদান কৰা হয়৷ এই অনুষ্ঠানত বিভিন্ন জনে বক্তৃতা, নৃত্য-গীত পৰিবেশন কৰাৰ লগতে উত্তম কুমাৰ কলিতাই তেখেতৰ কবিতা পাঠ কৰি অনুষ্ঠানটো মনোগ্ৰাহী কৰি তোলে।

 

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close