বিজ্ঞানবিশেষৰাষ্ট্ৰীয়শীৰ্ষ

পলকতে দিল্লীৰ পৰা মুম্বাইলৈ

কল্পনা কৰক আপুনি এটা কেপচুলৰ ভিতৰত বহি আছে আৰু তেনে এটা ভেকুৱাম টিউব ঘণ্টাত ১,১২৩ কিলােমিটাৰ গতিবেগত গতি কৰি আছে।আপুনি ঘণ্টাৰ বিপৰীতে কিছু মিনিটতে পাবগৈ আপােনাৰ গন্তব্যস্থান।ভার্জিনিয়াৰ হাইপাৰলুপ প্রকল্পই সেই কল্পনাকেই বাস্তৱায়িত কৰি তুলিছে। টেচলা কোম্পানীৰ সহপ্রতিষ্ঠাতা ইলােন মস্কে প্রথবাৰৰ বাবে হাইপাৰলুপ কৌশল আনিছিল। ইয়াৰ পিছত এনে বহু প্রকল্পৰ কাম আৰম্ভ হয়। আৰু বিশ্বত এই কথা প্রমাণ হয় যে চুম্বকীয়ক্ষেত্র প্রযুক্তিৰ জৰিয়তে ভেকুৱাম টিউবেৰে ৰে’ল চলাব পৰা যায়। আৰু অনাগত দিনত ই পৰিৱহণৰ দিশত এক যুগান্তকাৰী বিপ্লৱ সূচনা কৰিব। এতিয়া প্রশ্ন হ’ব এই মেগনেটিক লেভিটেচন ট্রেইন কিn ? কি দৰে ইমান গতিবেগৰে যাত্ৰা কৰিবলৈ সক্ষম হ’ব। ইয়াত চুম্বকৰ সহায়ত ৰেল নিজৰ ৰেলপথত চলিব আৰু ইয়াৰ জৰিয়তে ৰে’ল আৰু ৰেলপথৰ মাজত ঘর্ষণ কম হ’ব যাৰ ফলত গতিবেগ বৃদ্ধি পাব ৰেলৰ। এনে এক ৰেল চাংহাই পৰা বিমানবন্দৰৰ মাজত ৪৩০ কিলােমিটাৰ গতিবেগত চলিছে। এই যােজনাত এনে ৰে’ল ভেকুৱাম টিউবৰ মাজেৰে চলােৱাৰ পৰিকল্পনা কৰা হৈছে। চাৰ ৰিচাৰ্ড ব্রেন্সনৰ ভার্জিন হাইপাৰলুপ ওৱান এই প্রকাৰৰ চুম্বকীয়ক্ষেত্রীয় ৰে’লৰ আটাইতকৈ অত্যাধুনিক প্রযুক্তি। লছ ভেগাছৰ পৰা ৪০ কিলােমিটাৰ উত্তৰত এই যােজনাৰ সুবিধা ল’ব পৰিব। পৰীক্ষামূলকভাৱে ৫০০ মিটাৰ দৈৰ্ঘ্যৰ এক ট্রেক নির্মাণ কৰাত বর্তমান ৩০০ লােকে এই প্রকল্পত কাম কৰি আছে। য’ত আছে ২০০ দক্ষ অভিযন্তা। এই প্রযুক্তিৰ এজন ডেভেলপাৰ নাছাৰ বৈজ্ঞানিক অনিতা সেনগুপ্তাৰ মন্তব্য- হাইপাৰলুপ এক চুম্বকীয় ৰে’ল যি ভেকুৱাম টিউবত চলিব, আপােনালােকে ইয়াক এনেকৈও ল’ব পাৰে এখন বিমান ২ লাখ উচ্চতাত উৰি আছে। যিদৰে বিমানত যাত্রা কৰাৰ বাবে কষ্ট নহয় ঠিক তেনেদৰে এই চুম্বকীয় ৰে’লত যাত্ৰা কৰাত সমস্যাৰ সন্মুখীন নহয়।হাইপাৰলুপ ওৱান প্রজ’ নিৰাপত্তাৰ পৰীক্ষাত সফল হ’ব আৰু ২০২১ পৰা ইয়াক বাণিজ্যিকভাৱে আৰম্ভ কৰা হ’ব এই মন্তব্য বিজ্ঞানী অনিতা সেনগুপ্তাৰ। দিল্লীৰ পৰা মুম্বাই দূৰত্ব ১,৩৫০ কিলােমিটাৰ। যদিহে ঘণ্টাত ১,১২৩ কিলােমিটাৰ গতিবেগত এই ৰে’ল চলে তেন্তে এক ঘণ্টাতে আপুনি দিল্লীৰ পৰা মুম্বাই ভ্ৰমণ কৰিব পাৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close