বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

পথ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্য : মদ্যপান কৰি গাড়ী চলালে ভৰিব লাগিব ১০ হাজাৰ

অনুজ্ঞাপত্ৰ অবিহনে, ম’বাইলত কথা পাতি গাড়ী চলালে ভৰিব লাগিব ৫ হাজাৰকৈ জৰিমনা ।

দেশত ক্রমবর্ধমান হাৰত সংঘটিত হৈ অহা পথ দুর্ঘটনা ৰােধ কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে ১ ছেপ্টেম্বৰৰ পৰা দেশত নতুন ট্রেফিক নিয়ম বলৱৎ কৰিবলৈ আগবাঢ়িছে। ট্রেফিক নিয়ম উলংঘা কৰাৰ বিষয়টোক লৈ কেন্দ্রীয় চৰকাৰে নতুন আইন বলৱৎ কৰিব ১ ছেপ্টেম্বৰৰ পৰা। শেহতীয়াকৈ সংসদত মটৰ বাহন সংশােধনী বিধেয়ক-২০১৯ গৃহীত কৰে কেন্দ্ৰীয় চৰকাৰে।

এতিয়া সংশােধনী বিধেয়কখন আইন ৰূপে ১ ছেপ্টেম্বৰৰ পৰা সমগ্র দেশতে বলৱৎ কৰিব কেন্দ্রীয় চৰকাৰে। মটৰ বাহনৰ এই নতুন আইন অনুসৰি সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব ১০ হাজাৰকৈ টকা। আনহাতে অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলালে ভৰিব লাগিব ৫ হাজাৰ টকাৰ জৰিমনা। বর্তমানৰ সময়ছােৱাত অনুজ্ঞা-পত্র অবিহনে গাড়ী চলালে ভৰিব লাগে জৰিমনা হিচাপে ৫০০ টকা। কিন্তু ১ ছেপ্টেম্বৰৰ পৰা ভৰিব লাগিব ৫ টকাৰ জৰিমনা। আনহাতে ছিটবেল্ট নিপিন্ধি গাড়ী চলালে ভৰিব লাগিব ১ ছেপ্টেম্বৰৰ পৰা ১,০০০ টকাৰ জৰিমনা। বর্তমান সময়ছােৱাত এই জৰিমনাৰ পৰিমাণ ১০০ টকা। আনহাতে ম’বাইলত কথা পাতি গাড়ী চলালে ভৰিব লাগিব ৫,০০০ টকাৰ জৰিমনা।

একেদৰে নিৰ্ধাৰত সীমাতকৈ অধিক বেগত গাড়ী চলালে ১ ছেপ্টেম্বৰৰ পৰা ভৰিব লাগিব ১ হাজাৰৰ পৰা ২ হাজাৰ টকাৰ জৰিমনা। উল্লেখ্য যে ২০১৭ত পথ দুর্ঘটনাত ভাৰতত ১.৫ লাখ লােকৰ মৃত্যু ঘটিছিল। পথ দুর্ঘটনাত মৃত্যু হােৱা লােকৰ সংখ্যা হ্রাস কৰাৰ লক্ষ্যৰে এই নতুন ট্রেফিক নিয়ম ১ ছেপ্টেম্বৰৰ পৰা বলৱ কৰিবলৈ আগবাঢ়িছে কেন্দ্রীয় চৰকাৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close