অসমফেশ্বনশিশুশীৰ্ষ

নৰ্থ ইষ্ট ইণ্ডিয়া মিষ্টাৰ কিডছ খিতাপৰে সন্মানিত ইয়াংছু

ৰূপজ্যোতি শইকীয়া,বিশ্বনাথ চাৰিআলি

মডেলিং জগতত পুনৰ বিশ্বনাথৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে ইয়াংশু শইকীয়াই | বিশ্বনাথ চাৰিআলিৰ সূৰ্য্যপুৰৰ নিৱাসী তথা অসম আৰক্ষী বিভাগত কৰ্মৰত দুই পিতৃ মাতৃ ক্ৰমে অজিত শইকীয়া আৰু মাতু গগৈ শইকীয়াৰ কণিষ্ঠ পুত্ৰ ইয়াংশু শইকীয়াৰ ( ৭) সফলতাত আনন্দিত হৈছে বিশ্বনাথবাসী | শিক্ষা জীৱনৰ লগতে মডেলিংৰ জগতত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা ইয়াংশু শইকীয়াক মঙ্গল বাৰে নিশা বিশ্বনাথ চাৰিআলিত সকলো জাতীয় দল সংগঠনৰ প্ৰতিনিধিয়ে তথা শুভাকাংক্ষীয়ে অভিনন্দন জ্ঞাপন কৰে | উল্লেখ্য যে মডেলিংৰ ক্ষেত্ৰৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সাত বছৰীয়া কণমানিটোৱে ৰামধেনু বটাঁ ২০১৮-১৯ বৰ্ষৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা লগতে সুদুৰ ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা”ইণ্ডিয়া কিডচ্ ফেশ্বন ৱাক” , “ইণ্ডিয়া ইন্টাৰনেচনেল ষ্টাৰ আইকন চিজন ৩” ,কিডচ্ মিষ্টাৰ গ্লেম ২০১৯ ৰ উপৰি যোৱা ১৩ জুলাই তাৰিখে গুৱাহাটী আই.টি.এ. মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা মডেলিং প্ৰতিযোগিতা নৰ্থ ইষ্ট ইণ্ডিয়া মিষ্টাৰ কিডচ্ খিতাপ অৰ্জন কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সাংবাদিক জেহিৰুল ইছলামে আঁত ধৰা কালিৰ অভিনন্দন অনুস্থানত বিশ্বনাথ জিলাৰ উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ড, বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ৰাকেছ ৰোচন,আৰক্ষী উপ পৰিদৰ্শক মুজাফৰ হুছেইন, জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰুৱা , বৰ অসম ক্ৰিএচনৰ ৰশ্মি বৰুৱা,আছুৰ বিশ্বনাথৰ সমিতিৰ প্ৰবীণ মটক, ভাস্কৰ চমুৱা, আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি চাইফু দ্দিন আহমেদ, গোর্খা ছাত্ৰ সন্থাৰ দিলীপ গজুৰেল, টাই অসম যুৱ ছাত্ৰ পৰিসদৰ হেমন্ত গগৈ,শিক্ষক উমেছ শইকীয়া,কণমানি তোৰ পিতৃ অজিত শইকীয়া,মাতৃ মাতু গগৈ শইকীয়া ,কাৰ্বি ছাত্ৰ সন্থাৰ জয়ন্ত ইংতি,সংখ্যা লঘু সংগ্ৰাম পৰিসদৰ নজিৰ আহমেদ আদিয়ে সভাত অংশ গ্ৰহণ কৰে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close