বিশেষশীৰ্ষস্বাস্থ্য

নির্ধাৰিত সময়ত আহাৰ গ্ৰহণৰ সুফল

নিয়মিত খাদ্যাভাসে শৰীৰ শক্তিশালী আৰু নিৰােগী কৰি ৰাখে। বিশেষকৈ নিশাৰ আহাৰ সঠিক সময়ত গ্ৰহণ কৰাটো অত্যন্ত দৰকাৰী। দৈনিক জীৱনৰ ব্যস্ততাৰ বাবে আমাৰ খাদ্যসূচীৰ ব্যাপক পৰিবর্তন ঘটিছে। বহু সময়ত আমি নিয়মিত খাদ্য গ্রহণত ব্যর্থ হওঁ। যাৰ বাবে পৰৱৰ্তী সময়ত ডায়েবেটিছ, কর্কট আদিকে ধৰি বিভিন্ন ৰােগে দেখা দিয়ে। শেহতীয়া গৱেষণাত প্রমাণিত হৈছে যে খাদ্যাভাসৰ সৈতে স্তনৰ কৰ্কট আৰু প্ৰষ্টেট কেন্সাৰৰ সম্পর্ক আছে। বার্চিলােনা ইনষ্টিটিউট যৰ গ্ল’বেল হেলথৰ গৱেষণাত এই চাঞ্চল্যকৰ তথ্য পােহৰলৈ আহিছে। প্রতিষ্ঠানটোৰ ৫২১টা প্রষ্টেট কেন্সাৰ আৰু ১,২০৫টা স্তন কেন্সাৰৰ ওপৰত চলােৱা সমীক্ষাত এই তথ্য প্রকাশ পাইছে। নিশা ৯ বজাৰ আগতে আহাৰ গ্ৰহণ কৰি দুঘণ্টা পিছত শুবলৈ ল’লে প্ৰষ্টেট আৰু স্তন কেন্সাৰ প্রায় ২০ শতাংশ হ্রাস পায়। আনহাতে নিশা ১০ বজাৰ পিছত আহাৰ গ্ৰহণ আৰু আহাৰৰ পিছতে শুবলৈ লােৱা লােকসকলৰ তুলনাত নিশা ৯ বজাৰ পূর্বে আহাৰ গ্ৰহণ কৰাসকলৰ কেন্সাৰ হােৱাৰ সম্ভাৱনীয়তা হ্রাস পায় বুলি প্রতিষ্ঠানটোৰ সমীক্ষাৰ অন্তত ইণ্টাৰনেচনেল জার্নেল অব কেন্সাৰত প্রকাশ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close