অসমবিশেষশীৰ্ষ

নিজদমকা প্ৰাথমিক বিদ্যালয়ত ব্যক্তিগত পৰিস্কাৰ-চৌদিশ স্বচ্ছতা সম্পৰ্কীয় সজাগতা সভা

ছহিজুল আলী, সৰভোগ

বৰনগৰ মহাবিদ্যালয়ৰ শিক্ষা সম্প্ৰসাৰণ কোষৰ উদ্যোগত বৰনগৰ মহাবিদ্যালয়ৰ মহিলা গোট আৰু অসম বিজ্ঞান সমিতিৰ বৰনগৰ শাখাৰ সহযোগত ব্যক্তিগত পৰিস্কাৰ আৰু চৌদিশ স্বচ্ছতা সম্পৰ্কীয় এখন সজাগতা সভা আজি ২৩১ নং নিজদমকা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে বৰনগৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° প্ৰকাশ শৰ্মাই৷ সভাখন পৰিচালনা কৰে, বৰনগৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা তথা বৰনগৰ মহাবিদ্যালয়ৰ শিক্ষা সম্প্ৰসাৰণ কোষৰ সমন্বয়ক নৱনীতা ডেকাই। সভাত অংশগ্ৰহণ কৰি ২৩১ নং নিজদমকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পীযুষ দাসে ভাষণত কয় যে, আজি অনাময় দিৱস।

এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ত অনুষ্ঠিত সজাগতা সভাৰ জৰিয়তে মানুহক স্বাস্থ্য আৰু চাফচিকুণতাৰ প্ৰতি সজাগ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। সুস্বাস্থ্যৰ বাবে আমাক চাফচিকুণতাৰ অতিকৈ প্ৰয়োজন। আজিৰ সভাত বৰনগৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা বৰনগৰ মহাবিদ্যালয়ৰ মহিলা কোষৰ উপ-সভাপতি জয়শ্ৰী তালুকদাৰে সমল ব্যক্তি হিচাপে উপস্থিত থাকি কয় যে, আমি নিজে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব লাগিব, ইয়াৰ বাবে চৌপাশৰ পৰিৱেশৰ চাফচিকুণতাৰ প্ৰতিও আমি চকু ৰাখিব লাগিব। আমি শৰীৰৰ সুস্থতাৰ বাবে যেনেকৈ দাঁত, নখ আদি দেহৰ অংগসমূহ চাফ-চিকুণ কৰি ৰাখোঁ, তেনেকৈ আমি পৰিধান কৰা সাজ-পোছাক, জোতা-চেণ্ডেল আদিও চাফ-চিকুণকৈ ৰাখিব লাগে। পৃথিৱীত বিশ্ব হাত ধোৱা দিৱস উদযাপন কৰা হয়। আমি খাদ্য খোৱাৰ আগত আৰু পিছত হাত ধুব লাগে, যাতে লেতেৰা হাতৰ দ্বাৰা আমাৰ শৰীৰত ৰোগৰ সংক্ৰমণ হ’ব নোৱাৰে। আজিৰ সভাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যক্ষ শিক্ষা প্ৰদান কৰে, বৰনগৰ মহাবিদ্যালয়ৰ মহিলা কোষৰ সম্পাদিকা তথা অসম বিজ্ঞান সমিতিৰ বৰনগৰ শাখাৰ সম্পাদিকা ড° পল্লবী গোস্বামীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close