বিজ্ঞানবিশেষশীৰ্ষসৃজন

নিউটনৰ অমৰ সাক্ষী আপেলজোপা

এটি প্রশ্নৰ উত্তৰ বিচাৰি বিজ্ঞান জগতৰ এক বৃহৎ দুৱাৰ মুকলি কৰিছিল বৈজ্ঞানিক ছাৰ আইজাক নিউটনে। ইয়াৰ জৰিয়তে তেওঁ গ্রহ-নক্ষত্ৰৰ অস্তিত্ব সম্পর্কে সন্ধান পাইছিল। ইয়াৰ ফলতেই আৱিষ্কাৰ হৈছিল মধ্যাকর্ষণ সূত্র। এই সূত্র প্রায় তিনিশ বছৰ পূর্বেই উদ্ভাৱন হৈছিল। আৰু ইয়াৰ অন্তৰালত আছিল এজোপা আপেল গছ। এই মধ্যাকর্ষণ সূত্র উদ্ভাৱনৰ ক্ষেত্ৰত এইজোপা আপেল গছে এক অগ্রণী ভূমিকা পালন কৰিছিল। ১৬৬৬ চনৰ এই ঐতিহাসিক ঘটনাৰ বৃহৎ সাক্ষী এই আপেল গছজোপা বর্তমানেও জীৱন্ত অৱস্থাত আছে। ইংলেণ্ডৰ লিংকনচায়ৰৰ উলচথর্প মান নামৰ গাঁওখনতেই আইজাক নিউটনৰ ঘৰ আছিল। এই ঘৰৰ লগতেই এতিয়াও সেই আপেল গছজোপাই সগৌৰৱে ঐতিহ্য বহন কৰি আছে। গছজোপাৰ আপেলবােৰাে গুণগত দিশৰ পৰা উৎকৃষ্ট তথা অন্য আপেলৰ তুলনাত সম্পূর্ণ পৃথক। বিৰল প্ৰজাতিৰ আপেলজোপাৰ নাম ফ্লাৱাৰ অফ কেন্ট। এই গছৰপৰাই বর্তমান ভিন্ন ঠাইত নিউটনৰ স্মৃতিত পুলি ৰােপণ কৰা হৈছে। এই ঐতিহ্য প্রসিদ্ধ গছজোপা ভাৰতৰ পুনেৰ ইণ্টাৰ ইউনিভাৰছিটি চেণ্টাৰ ফৰ এষ্ট্রোনমি এণ্ড এষ্টোৰফিজিক্সৰ পৰা সংগ্ৰহ কৰা হৈছিল। উল্লেখ্য যে, এই আপেলজোপা হ’ল নিউটনৰ বিখ্যাত সূত্ৰৰ জ্বলন্ত সাক্ষী। যুগে যুগেই যেন প্রতিটো দিশতাে সোঁৱৰাই আহিছে সেই সােণােৱালী অধ্যায়ৰ অফুৰন্ত গাথা। বর্তমান নিউটনৰ অমৰ সাক্ষী এই আপেল গছজোপা চাবলৈ দেশী-বিদেশী পর্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close