অসমশীৰ্ষ

নাহৰলগন কৃষ্টি কেন্দ্ৰৰ উদ্যোগত গহপুৰত বানপীড়িতক বান সাহায্য-চিকিৎসা ‌

ভুৱন শইকীয়া

অৰুণাচল প্ৰদেশৰ নাহৰলগন  কৃষ্টি কেন্দ্ৰৰ উদ্যোগত ২১ জুলাইত গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ দুঠাইত স্বাস্থ্য শিবিৰ আৰু বান সাহায্য প্ৰদান কৰে। কেইবাগৰাকী চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মীক লগত লৈ নাহৰলগুণ কৃষ্টি কেন্দ্ৰৰ বিষয়ববীয়া সকলৰ এটি দলে বিপদ সংকুল‌ যাত্ৰা কৰি গহপুৰৰ‌‌ বানপীড়িত এলেকা  গলচেপাৰ কুঁহিমাৰিস্থিত বিদ্যালয়খনত দিনৰ ১১ বজাত উপস্থিত হৈ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা ,প্ৰয়োজনীয় ঔষধৰ লগতে  বান সাহায্য প্ৰদান কৰে। অৰুণাচল প্ৰদেশৰ নাহৰলগন মেডিকেলৰ চিকিৎসক ডাঃ মুনমুন দাস, ডাঃ দৰবীণ আচাৰ্য, চম্পা বৰাকে ধৰি কেইবাগৰাকী চিকিৎসক, নাৰ্চে সহযোগ আগবঢ়ায়।

চুবুৰীয়া ৰাজ্য খনৰ  নাহৰলগন কৃষ্টি কেন্দ্ৰৰ সভাপতি বুধিন দত্ত, যুটীয়া সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মুকুল পাঠক,প্ৰচাৰ সম্পাদক ৰাহুল দত্ত, সাংবাদিক মিন্টু তামূলী আদিৰ প্ৰচেষ্টাত আৰু গহপুৰৰ মহকুমাধিপতি নৰেন্দ্ৰ কুমাৰ শ্বাহ,হেলেম ৰাজহ চক্ৰ বিষয়া বিমান দাস,মণ্ডল বিতু শইকীযা,গাঁওবুঢ়া হৰেন দত্ত,কল্যাণপুৰ গাঁও পন্চায়তৰ সভানেত্ৰী লখিমী বৰদলৈ,সমাজসেৱক সিধেশ্বৰ হাজৰিকা ,ৰজিত বৰদলৈ ,শিক্ষক নৱ জ্যোতি শইকীয়া, মাছৰ কেন্দ্ৰীয় সচিব ৰিতুল বৰুৱা,অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতা বিপুল হীৰা আদিৰ সহযোগত আজি গহপুৰৰ বানপীড়িত এলেকাত স্বাস্থ্য পৰীক্ষা আৰু বান সাহায্য প্ৰদান কৰে।

উল্লেখ্য যে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ দুটাত পাঁচ শতাধিক বানপীড়িত লোকে পৃথকে পৃথকে অংশগ্ৰহণ কৰে। দুয়োটা শিবিৰতে কৃষ্টি কেন্দ্ৰৰ উদ্যোগত অৰুণাচল প্ৰদেশৰ ভিন্ন স্থানত বসবাস কৰা লোকসকলে আগবঢ়োৱা আৰ্থিক আৰু সামগ্ৰীসমূহ প্ৰদান কৰা হয়। দুয়োটা শিবিৰত অনুষ্ঠিত স্বাস্থ্য পৰীক্ষাত জ্বৰ, কাঁহ, চৰ্ডি, ডায়েৰিয়া, ৰক্তচাপ আদি পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়। অন্যহাতে বান সাহায্য টোপোলাত এদিনৰ বাবে প্ৰয়োজনীয় চাউল, আৰু, দালি, চিৰা, মিঠাতেল, বিস্কুত, ৱৰেছ, কেণ্ডল, নেপকিন,মমবাতি, চাবোন, মহখেদা ধূপ, জুইশলাকে ধৰি যাৱতীয় খাদ্য সামগ্ৰী প্ৰদান কৰা হয়।নাহৰলগন কৃষ্টি কেন্দ্ৰৰ এই পদক্ষেপক গহপুৰৰ ৰাইজে শলাগ লৈছে ।উল্লেখ্য যে গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়া আৰু সমাজসেৱক যাদৱ চলিহাই আজিৰ এই কাৰ্যসূচীত সম্বন্বয়কৰ দায়িত্ব পালন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close