স্বাস্থ্য

নার্জী ফুলৰ উপকাৰিতা

ডাঃ কমল কৃষ্ণ নাথ

সৌন্দর্যবর্ধক ফুলসমূহৰ ভিতৰত নাৰ্জী ফুল অন্যতম। দেখিবলৈ সুন্দৰ হােৱাৰ লগতে ইয়াৰ সুগিন্ধও সুন্দৰ। নাৰ্জী ফুল অবিহনে পূজা যেন অসম্পূর্ণ। নাৰ্জী ফুলৰ সামন্তৰালৈক ইয়াৰ পাতৰাে আছে বহু ঔষধি গুণ। সেয়ে হয়তাে প্রত্যেকৰ ঘৰৰ বাগিচাত এই ফুলবিধে আগস্থান পায়। নাৰ্জী ফুল অথবা ইয়াৰ পাতৰ উপকাৰিতা সম্পর্কে তলত আলােচনা কৰা হল—

নার্জী ফুলৰ পাত থেতেলি কটা ঘাত লগালে সােনকালে শুকায়।। মহিলাৰ ৰক্তস্ৰাৱ হলে মৌৰ লগত নাৰ্জী ফুলৰ পাত নাইবা দূৱৰি বনৰ ৰস খালে ৰক্তস্রাৱ কমি যায়। পুৰষ-মহিলাৰ যৌনাংগত বিষ হলে নার্জী পাতৰ ৰস আমলখিৰ ৰসৰ সৈতে মিহলাই খালে বিষ উপশম হয়।বহুমূত্র বা অইন কাৰণত যিকোনাে ঘা, খৰ, পােৰা ঘা আদি বহুদিনলৈ নুশুকালে নার্জীফুল এটা বা দুটা আধা চামুচ হালধি আৰু গাভিনী নােহােৱা কম বয়সৰ মাইকী গৰুৰ গাে-মুত্র মিহলাই ভালকৈ পিহি চাতনি বনাই দিনত দুবাৰ লগালে ঘা সােনকালে শুকায়। কিন্তু তেনে অৱস্থাত পানী নলগাব। ঘা চাফা কৰিবলৈ গাে-মুত্ৰ ব্যৱহাৰ কৰিব। | বয়সৰ চাপ কমােৱাত ই এক উল্লেখযােগ্য ভূমিকা পালন কৰে। নাৰ্জী ফুলৰ তেল অথবা ক্রীম লগালে সুফল পােৱা যায়। বজাৰত ইতিমধ্যে নার্জী ফুলৰ তেল আৰু ক্ৰীম অতি সহজেই উপলব্ধ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close