অসমচিন্তাজগতভাল খবৰশীৰ্ষ

নাচনীৰ অলংকাৰ কপৌফুল সংৰক্ষণ কৰিছে টিংখাঙৰ এজন ব্যক্তিয়ে

দেৱজিৎ গগৈ, টিংখাং, ভাল খবৰ: গছৰ ডালৰ কপৌফুলে বসন্ত অহাৰ আগজাননী দিয়ে। খোপাত কপৌফুল নহ’লে বিহু তলিলৈ যাবকে নোখোজে নাচনীয়ে। কিন্ত সাম্প্ৰতিক কালত অৰণ্য ধ্বংসৰ ফলত বহু প্ৰজাতিৰ কপৌফুল বিলুপ্তি হোৱাৰ পথত। তেনে সময়তে কপৌফুলৰ বিভিন্ন প্ৰজাতি সংৰক্ষণ কৰিছে উজনিৰ ডিব্ৰুগড় জিলাৰ এজন ব্যক্তিয়ে। কপৌফুল ডেকা-গাভৰুৰ প্ৰণয়ৰ প্ৰতীক।

বিহুৱা ডেকায়ে বিহুগীতত গাভৰু বিহুৱতীক লৈ কপৌফুলৰ  বিভিন্ন গীত গায়। পাহাৰ বগাই বগাই অসমীয়া ডেকাই কপৌফুল বিচাৰি আনি গৌৰৱবোধ কৰিছিল। অসমীয়া সমাজত কপৌফুল সাংস্কৃতিক আহিলা হিচাপে পৰিগণিত হৈ আহিছে। বিহু নাচনীৰ খোপাত সৌন্দৰ্য্য বৃদ্ধিৰ বাবে কপৌফুলৰ ব্যৱহাৰ অতীজৰে পৰা চলি আহিছে। কিন্তু বৰ্তমান বন – ধ্বংসৰ ফলত খুব সীমিত সংখ্যাৰ কপৌফুলৰ প্ৰজাতি অ’ত-ত’ত বাচি আছে। ইয়াক সংৰক্ষণ নকৰিলে বিহুৰ অপৰিহার্য সামগ্ৰীবিধ বাদ পৰি যাব। নাচনীয়ে প্ৰাকৃতিকভাৱে পোৱা এইবিধ অলংকাৰ বিচাৰি হাবাথুৰি খোৱাৰ সময়তে টিংখাঙৰ টিপমীয়া গাঁৱৰ বিমান প্ৰসাদ লাহন নামৰ এজন ব্যক্তিয়ে কপৌফুলৰ বিভিন্ন প্ৰজাতি সংৰক্ষণ কৰিছে।

বিমান প্ৰসাদ লাহনে ভিন্ন প্ৰজাতিৰ কপৌফুলৰ এখন বাৰী গঢ়ি তুলিছে। বহাগ আহি পদুলিমুখ পোৱাৰ লগে-লগেই ব্যক্তিজনৰ ঘৰৰ চাৰিওদিশে বিভিন্ন ৰঙৰ কপৌফুলে জাতিস্কাৰ হৈ পৰিছে। ব্যক্তিজনৰ বাৰীত বৰ্তমান  কপৌফুলৰ ২৫ টা প্ৰজাতি আছে বুলি জানিবলৈ দিয়ে। যোৱা ৩০ বছৰে কপৌফুল সংৰক্ষণ কৰি অহা ব্যক্তিজনে অঞ্চলটোত ৰাইজে চাহ-বাগিছা ৰূপনৰ বাবে হাবি-জংঘল কটাৰ সময়তে গছত লাগি থকা কপৌফুলসমূহ আনি নিজৰ বাৰীত সংৰক্ষণ কৰিছিল। এতিয়া বিহু আহি পোৱাৰ লগে-লগেই ব্যক্তিজনৰ ঘৰলৈ গাভৰুসকলে কপৌফুল বিচাৰি আহে বুলি জনায়। যি সময়ত বজাৰত প্লাষ্টিকৰ কপৌফুলেৰে ভৰি পৰিছে তেনে সময়তে বিমান প্ৰসাদ লাহনৰ কপৌফুল সংৰক্ষণৰ প্ৰচেষ্টা নিশ্চিয়কৈ আদৰণীয়।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close