অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক বাতিলৰ হেতু প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণৰ বাবে দিল্লীলৈ যাব আইৰা

নিউজ ডেস্ক, ভাল খবৰ: বৰ্তমান সময়ৰ অসম আৰু অসমীয়াৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ও স্পৰ্শকাতৰ বিষয় নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ তীব্ৰ বিৰোধিতা কৰি ভাৰতবৰ্ষৰ বৃহৎ সংবাদ কৰ্মীৰ সংগঠন অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্চ এছ’চিয়েশ্বন চমুকৈ আইৰাৰ অসম শাখাৰ এটি সজাতি দলে অহা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই বিধেয়কখনৰ বাতিল কৰণৰ হেতু এখনি স্মাৰক পত্ৰ প্ৰেৰণৰ অৰ্থে দিল্লীলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আইৰাৰ ৰাষ্ট্ৰীয় সভাপতি ডঃ মহম্মদ তাৰিক জাকি আৰু দিল্লী সমিতিৰ সহযোগত অসমৰ পৰা যোৱা আইৰাৰ অসম শাখাৰ সজাতি দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তীব্ৰ বিৰোধিতাৰে ইয়াক অসমৰ জনগণৰ ভবিষ্যতৰ স্বাৰ্থত বাতিল কৰণৰ বাবে প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ দাখিল কৰিব বুলি আইৰাৰ অসম ৰাজ্যিক সভাপতি কিৰণ কুমাৰ গগৈয়ে জনাইছে।

সভাপতি গগৈয়ে অসমীয়া জাতি, সত্ত্বা, ঐতিহ্য, ভাষা, সংস্কৃতি ৰক্ষাৰ বাবে আইৰা, অসমে সদায় অসমৰ জনসাধাৰণৰ লগত থাকি অসম আৰু অসমীয়াৰ স্বাৰ্থত সজোৰে হাতে হাত ধৰি আগুৱাই যাব বুলি কৈ নিজেও এজন অসমীয়া হিচাপে দেহত এটোপাল তেজ থকালৈকে অসম মাতৃৰ সেৱাত ব্ৰতী থাকিব বুলি উল্লেখ কৰিছে । ৰাজ্যিক সাধাৰণ সম্পাদক পঙ্কজ নাথে অসমীয়া জাতিৰ সংকট কালত জেপিচিয়ে শুনানি লোৱাৰ সময়ৰ পৰা আজিলৈকে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি অহা সকলো দল সংগঠনৰ লগতে অসম মাতৃৰ প্ৰকৃত সন্তান সকলক উষ্ম আদৰণি জনোৱাৰ উপৰিও অসমীয়া জাতিৰ এই সন্ধিক্ষণত অসমৰ প্ৰত্যেক গৰাকী অসমীয়াকে অসমীয়া জাতি, ভাষা, কৃষ্টি, সংস্কৃতি, ঐতিহ্য আৰু অস্তিত্ব ৰক্ষাৰ বাবে এই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ তীব্ৰ বিৰোধিতা কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাইছে।

ইয়াৰ উপৰিও ৰাজ্যিক সম্পাদক প্ৰমোদ মলে অসমৰ বিভিন্ন দল সংগঠনৰ লগতে সচেতন নাগৰিকৰ আহ্বানক সন্মান প্ৰদৰ্শন কৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ অহা কোনো হিন্দু ও মুছলমানৰ বোজা অসমে লব নালাগে বুলি উল্লেখ কৰি এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিবলৈ অসমত বাস কৰা সকলো অসমীয়া আৰু অসমৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি লোৱা বেংগলী সম্প্ৰদায়ৰ লোক সকলক মাৰ বান্ধি থিয় দিবলৈ অনুৰোধ জনাই। তাৰোপৰি আইৰাৰ অসম শাখাই অসমৰ জনসাধাৰণৰ আবেগ আৰু আহ্বানক স্বীকৃতি দি বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ জাতীয় নায়ক হিচাপে সমাদৃত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এই বিধেয়কৰ বিৰোধিতাৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায় নিজকে সচা অৰ্থত জাতীয় নায়ক হিচাপে প্ৰতিপন্ন কৰিবলৈ উল্লেখ কৰিছে। জাতি মাতি ভেটি ৰক্ষাৰ শ্লোগান দি অসমৰ গাডীত বহা বিজেপি চৰকাৰে অসম আৰু অসমীয়াৰ আবেগ, অনুভুতিৰ সৈতে খেলা কৰিলে অনাগত সময়ত ইয়াৰ বাবে দুষ্পৰিণাম ভুগিব লাগিব বুলি উল্লেখ কৰি আজিৰ এই সন্ধিক্ষণত অসম আৰু অসমীয়াৰ স্বাৰ্থত আইৰা, অসম সদায় অসমবাসীৰ লগত থাকিব বুলি ৰাজ্যিক সমিতিৰ বিষয়ববীয়া সকলে জানিবলৈ দিছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close