অসমশীৰ্ষ

নদুৱাৰৰ বান পিৰীতক জমিয়তৰ সাহাৰ্য্য বিতৰণ

চন্দন শৰ্মা, জামুগুৰিহাট

শোনিতপুৰ জিলাৰ নদুৱাৰ অঞ্চলৰ লালটাপু, ভৈৰৱী, পানপুৰ আদি বিভিন্ন ঠাইত আজি মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন জমিয়তৰ নেতৃবৃন্দই বান সাহায্য বিতৰণ কৰে। বিশ্বনাথ জিলা জমিয়তৰ সভাপতি মৌলানা নুৰুল আমিন কাছিমীৰ জৰিয়তে উক্ত ঠাইসমূহৰ প্ৰায় ৫০০ টা বানপীড়িত পৰিয়ালৰ মাজত বান সাহায্য বিতৰণ কৰা হয়। সাহায্য সামগ্ৰীৰ প্ৰতিটো পেকেটত থাকে ৬ কেজিকৈ চাউল, ১ কেজি দালি, ১ লিটাৰ মিঠাতেল, ১ কেজি নিমখ, ১খনকৈ লুঙী, এখনকৈ শাৰী আৰু এখন ত্ৰিপাল। জমিয়তৰ জিলা সভাপতি জানোৱা মতে বিশ্বনাথ আৰু পানপুৰ, লালেটাপু আদি ঠাইত জমিয়তৰ উদ্যোগত মুঠ ১৫০০ পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হৈছে । যোৱা ৮ আগষ্টৰ পৰা এই সাহাৰ্য্য প্ৰদান অভিযান আৰম্ভ হৈছে। ৮ আগষ্টত বাঘমাৰী, ছোৱাগুৰি, চিলামাৰী আদি ঠাইত ৭৫০ টা বানপীড়িত পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হৈছে। আজি জামুগুৰি পানপুৰ, লালেটাপু, ভৈৰৱী আদি ঠাইত ৫০০ টা বানপীড়িত পৰিয়ালক সাহায্য প্ৰদান কৰা হয়। ১০ আগষ্টত আৰু ২৫০ টা পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হব। অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ উদ্যোগত আগবঢ়োৱা এই সাহাৰ্য্য লাভ কৰা হিতাধিকাৰী সকলে জমিয়তৰ এই মানৱীয় পদক্ষেপৰ বাবে সন্তুষ্ট প্ৰকাশ কৰিছে। আজিৰ সাহায্য প্ৰদান অনুষ্ঠানত বিশ্বনাথ জিলা জমিয়তৰ সভাপতিৰ উপৰিও লালেটাপু আঞ্চলিক জমিয়তৰ সভাপতি তথা সমাজকৰ্মী মঃ চিৰাজ আলি, সম্পাদক মৌলানা আচাদুল ইছলাম, সমাজকৰ্মী নৰ বাহাদুৰ দাহাল, আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। জমিয়তৰ এই পদক্ষেপক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close