অসমবিশেষশীৰ্ষ

নতুন দিল্লীত প্ৰাইড অৱ নেৱকাছ এৱাৰ্ড ২০১৯ অনুষ্ঠান

ৰমেন চাংমাই, চাচনী

উত্তৰ-পূৱৰ জনপ্ৰিয় অনুষ্ঠান ‘ নেবকছ’ৰ উদ্যোগত সমাগত ডিচেম্বৰ ৯ তাৰিখে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হব এক বঁটা প্ৰদান কাৰ্যসূচীৰ আকৰ্শনীয় অনুষ্ঠান । উল্লেখযোগ্য যে ১২ বছৰ ধৰি উত্তৰ – পূৱৰ মূল কেন্দ্ৰ বিন্দু গুৱাহাটী মহানগৰকে ধৰি অসমৰ বিভিন্ন স্থানত গঠন মূলক কাৰ্যসূচী সুন্দৰ ভাৱে ৰূপায়ণ কৰি অহাৰ পিছত পোন প্ৰথম বাৰৰ বাবে নেবকছে দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত কৰিবলৈ লৈছে ৰাষ্ট্ৰীয় ভিত্তিত বঁটা প্ৰদানৰ এক বৰ্ণাঢ্য অনুষ্ঠান । অনুষ্ঠানটোৰ প্ৰচাৰ সম্পাদক জয়ন্ত শইকীয়াই জানিবলৈ দিয়া মতে প্ৰাইড অৱ নৰ্থ ইষ্ট ২০১৯ ৰ অসমৰ বিভিন্ন স্থানত বঁটা প্ৰাপক সকল হ’ল ক্ৰমে  – বীণা কোঁৱৰ বৰুৱা , মামনি চুতীয়া গগৈ , দিপ্তী দিহিঙ্গীয়া , মিনতি ৰাণী ডেকা , মালতি সোনোৱাল , কুঞ্জলতা বৰগোঁহাই , পূৰৱী খনিকৰ , সৰলা দাস, ৰাণু দত্ত , কবিতা ৰাণী ব্ৰহ্ম ,অনুপ হাজৰিকা , মহম্মদ আলী খলিফা , ৰমানন্দ শৰ্মা , অতুল মেধি , দীপক বৰদলৈ , নিজৰা গগৈ , দীপ্তি ফুকন , প্ৰশান্ত বৰা , নিৰুপমা বৰপাত্ৰ , নামাঞ্জলী বৰুৱা , দীপ্তি ৰেখা নেওগ , মৰমী দেৱী , নীল গগৈ , ড: মাধৱ বৰা , গোপাল কৃষ্ণ বাঢ়ৈ , পিঞ্জু মৰাণ , জ্ঞানেন্দ্ৰ বল্লভ গগৈ , ৰঞ্জণ মহন্ত , গুণমনি ( অমৃত ) শইকীয়া , পলু দত্ত , শিখা হাজৰিকা , তৰুণ নাথ , অতুল বৰা , সোনমাই চেতীয়া গগৈ , বিহু ৰাম কলিতা , ধ্ৰুৱ শইকীয়া ,  নিৰু ৰাজখোৱা  কোঁচ , ভূপেন বৰদলৈ , প্ৰৱীণ কুমাৰ দেওৰী , দেৱজিত গগৈ , উৎপল জ্যোতি দাধৰা , হৰেণ গগৈকে আদি কৰি বহু কেই গৰাকী বিশিষ্ট ব্যক্তি । নেবকছৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি  বিশিষ্ট সাংস্কৃতিক কৰ্মী গগণাষ্টম গগৈ আৰু সাধাৰণ সম্পাদক  মৃদুল ৰাজখোৱাই  জনোৱা মতে উক্ত অনুষ্ঠানত অসমৰ সাহিত্য সাংস্কৃতিক জগতৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবা গৰাকীও স্বনাম ধন্য ব্যক্তি উপস্থিত থাকিব ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close