অসম

নতুন দিল্লীত দিনযোৰা কাৰ্যসূচীৰে ঐক্য সেনা অসমৰ দ্বিতীয়বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

নতুন দিল্লীৰ পৰা কমল কুমাৰ, ভাল খবৰ: আজি দিনযোৰা কাৰ্যসূচীৰে ঐক্য সেনা অসমৰ দ্বিতীয়বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ছাত্ৰ ঐক্য সেনা অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিল্লীৰ শ্ৰীমন্ত শংকৰ দেৱ ভৱনত ভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে দিনযোৰা কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰা হয়।
ৰাতিপুৱা ঐক্য সেনা অসমৰ সভাপতি সঞ্জীৱ মহন্তই পতাকা উত্তোলনেৰে শুভাৰম্ভনী কৰা অনুষ্ঠানত জাতীয় বীৰ- বীৰংগনাৰ স্মৃতিত পুষ্পাঞ্জলী অৰ্পন কৰে কাৰ্যকৰী সভাপতি দেৱজ্যোতি শৰ্মাই। অসমৰ ভিন্ন জিলা সমিতিৰ উপৰিও দিল্লীবাসী কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী হেমন্ত শইকীয়া আৰু অমৰ সংগম দাসৰ নেতৃত্বত ভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

দিনৰ এক বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত বহু কেইগৰাকী বৰেণ্য ব্যক্তিৰ লগতে ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়াই অংশগ্ৰহণ কৰি অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে অসমৰ জলন্ত সমস্যাৰাজীৰ সম্পৰ্কত ভাষণ আগবঢ়াই। সভাত ঐক্য সেনা অসমৰ মুখ্য সম্পাদক শ্বহিদুল ইছলামে ভাষণ প্ৰসংগত কয়: জাতি- বৰ্ণ -ভাষা নিৰ্বিশেষে আমি সদাই মানৱতাৰ গীত গাম আৰু আই অসমীক পূজা কৰিম । আমি অসমৰ প্ৰগতিৰ বাবে বিগত সময়ত সংগ্ৰাম কৰি আহিছো আৰু অসমবাসী ৰাইজৰ স্বাৰ্থত প্ৰধান সমস্যা বানপানী- গৰাখহনীয়া, নিবনুৱা সমস্যা, অবৈধ অনুপ্ৰৱেশকাৰী সমস্যা, উগ্ৰপন্থী সমস্যা আদি সম্পৰ্কত স্থায়ী সমাধান বিচাৰি কেন্দ্ৰীয় চৰকাৰক দৃষ্টিগোচৰ কৰাটোৱে হৈছে ঐক্য সেনা অসমৰ আজিৰ লক্ষ্য, উদ্দেশ্য।

মুকলি সভাত কাৰ্যকৰী সভাপতি দেৱজ্যোতি শৰ্মাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী শুদ্ধকৈ প্ৰকাশ কৰি নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে তৎকালীনভাৱে ব্যৱস্থা ল’ব লাগে বুলি বক্তব্য ৰাখে।

আনহাতে মহিলানেত্ৰী ভূশিতা কাশ্যপে মহিলা সৱলীকৰণৰ ওপৰত ভাষণ আগবঢ়ায়। ঐক্য সেনা অসমৰ সভাপতি সঞ্জীৱ মহন্তৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত মুখ্য মুখপাত্ৰ কমল কুমাৰে ভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰি ভাষণ আগবঢ়ায়। সভাত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ক্ৰমে ফাৰুক আহমেদ, হিতেশ কলিতা,স্বপ্না গগৈ, অনিতা ভুঞা, জিয়াউদ্দিন আহমেদ,ভৱকান্ত দাস, উৰ্মি মালা দেবী,য়ুষ্মিতা বৰা, পল্লব বৰঠাকুৰৰ লগতে ছাত্ৰ ঐক্য সেনা অসমৰ সভাপতি আচিফ জাহান হক, সাধাৰণ সম্পাদক বিপ্লৱ কুমাৰ তালুকদাৰ, দিল্লী সমিতিৰ উপদেষ্টা অমৃত ভাটিয়া, সভানেত্ৰী মনালিছা বৰুবা আদি উপস্থিত থাকে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close