শীৰ্ষসাংস্কৃতিক

নতুন চোলা …

  চিন্ময় লহকৰ , বজালী

নাটমন্ডল পাঠশালাৰ ২৫ সংখ্যক শিশু নাট্যানুষ্ঠানৰ কালি নিশা সামৰনি পৰে । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাটমন্ডল পাঠশালাৰ ব্ৰজনাথ শৰ্মা নাটঘৰত অনুষ্ঠিত শিশু নাট্যানুষ্ঠানৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে নাটমন্ডলৰ সভাপতি শ্ৰীপদ চৌধুৰীয়ে । ইয়াৰ পিছতে আবেলি ৰাষ্ট্ৰীয় বটা প্ৰাপক , বিশিষ্ট নাট্যকাৰ , অভিনেতা, পৰিচালক নিতুল কুমাৰ মেধিৰ ৰচনা পৰিচালনাৰে শিশু নাটক নতুন চোলা মঞ্চায়ন কৰা হয় । বৰপেটা লোক সভা সমষ্টিৰ সাংসদ আব্দুল খালেকে আনুষ্ঠানিক ভাবে শিশু নাটখন উদ্বোধন কৰাৰ পূৰ্বে বন্তি প্ৰজ্বলনৰে মঞ্চ মুকলি কৰে স্হানীয় বিধায়ক পবিন্দ্ৰ ডেকাই । নাটমন্ডলৰ ২৫ সংখ্যক শিশু নাট্যানুষ্ঠানৰ সামগ্ৰীক পৰিচালক বিজন বায়নে আত ধৰা অনুষ্ঠানত বিধায়ক ডেকাই মঞ্চ মুকলি কৰি নাটমন্ডলৰ অৰ্ধনিৰ্মিত  ব্ৰজনাথ শৰ্মা নাটঘৰৰ উন্নয়নৰ বাবে বিধায়ক পূজিৰ পৰা দুই লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে । অনুষ্ঠানত সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰৰ সম্পাদনাত প্ৰকাশ পোৱা নাটমন্ডলৰ পচিশ সংখ্যক বাৰ্ষিক মুখপত্ৰ নাট্যগল্প আনুষ্ঠানিক ভাৱে উন্মোচন কৰে আনন্দৰাম বৰুৱা একাডেমিৰ অধ্যক্ষ ড: ৰণজিৎ ডেকাই । বিশিষ্ট শিক্ষাবিদ ড: ৰুণু দেৱীৰ সোৱৰণত অনুষ্টিত নাট্য সন্ধ্যাৰ প্ৰাক ক্ষণত ড: ৰুণু দেৱীৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । ইয়াৰ পিছতে নাটমন্ডলৰ প্ৰয়াত সতীৰ্থ সকলৰ পবিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে  নাটমন্ডলৰ সভাপতি শ্ৰীপদ চৌধুৰীয়ে । অনুষ্ঠানত আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয় সমন্বিতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্হিত থাকে । ইয়াৰ পিছতে নিতুল কুমাৰ মেধিৰ ৰচনা পৰিচালনাৰে পূৰ্ণ দৈৰ্ঘৰ নাট ইস্ ইস্ আস্ আস্ মঞ্চায়ন কৰা হয় । এইখন নাট উদ্বোধন কৰে বৰপেটা জিলা কোষাগাৰ বিষয়া হিৰেন হাজৰিকাই । ইপিনে কালি সন্ধিয়া প্ৰথম দৰ্শনীত  বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই শিশু নাট নতুন চোলা উদ্বোধন কৰে । এই উদ্বোধনী,অনুষ্ঠানত নিবন্ধকাৰ পুলু কুমাৰ শৰ্মা সমন্বিতে বহু লোক উপস্হিত থাকে । ইয়াৰ পিছতে পাঠলালা মহাবিদ্যালয় প্ৰশাসনিক সমিতিৰ সভাপতি গিৰিশ পাটগিৰিয়ে দ্বিতিয় দৰ্শনীৰ নাট ইস্ ইস্ আস্ আস্ উদ্বোধন কৰে । প্ৰাক্তন বিধায়ক মোহন চন্দ্ৰ দাসৰ সোৱৰনত কালি অনুষ্ঠিত নাট্য সন্ধ্যাত মোহন চন্দ্ৰ দাসৰ প্ৰতিচ্ছবিৰ সমূখত দাসৰ সহধৰ্মিনী শ্ৰীলেখা দাস, পুত্ৰ হিমাংকণ দাসে বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জনায় । নাটমন্ডল পাঠশালাৰ পচিশ সংখ্যক বাৰ্ষিক শিশু নাট্যানুষ্ঠানৰ সামগ্ৰীক পৰিচালকৰ দায়িত্বত আছিল হিৰেন কলিতা, বিজন বায়ন, পোহৰ নিৰ্দেশনাত আছিল শৈলেন কাকতি,পোহৰত আছিল মনজিৎ তালুকদাৰ,অক্ষেন্দ্ৰ দাস,ৰূপসজ্জাত আছিল শৈলেন কাকতি, কলাত আছিল অংকুজ্যোতি পাটগিৰি,অৰ্ণব শৰ্মা,গীত টিকেন চৌধুৰী আৰু সংগীতৰ দায়িত্বত আছিল  কৃষাণজ্যোতি বৰুৱা ,মনজিৎ মালাকৰ । দুয়োখন নাটৰ অভিনয় শিল্পী সকল হৈছে মৃন্ময় কাকতি,দিক্ষু চুমন ৰয়, চানি ডেকা,কৌশিক শৰ্মা,জাজীবন্যা তালুকদাৰ,দেৱজিৎ ৰয়,দিপাংকৰ তালুকদাৰ,ৰাজদ্বীপ বৰুৱা,বিভৱ দাস, স্হেহা দাস,স্বাস্বতী লহকৰ,সৃষ্টি স্বৰূপা ,চিল্কী মেধি,ধৃতুস্মিতা দাস, অৰ্পিতা দাস,কুনাল চেত্ৰী,মৃন্ময় ৰয়, ভাস্বতী লহকৰ,ভায়োলিনা দত্ত,হৃদয় ৰয়, প্ৰিয়ংকা ৰয়, বৰ্ণিল পাটগিৰি,নিলাক্ষ দাস, নিলাক্ষী ডেকা,মৃন্ময় জ্যোতি শৰ্মা,উদ্বিপ্ত পাটগিৰি, নাতাছা কাশ্যপ ,ৰিম্পী চৌধুৰী,মৌচুমী দাস,অনুস্মিতা তালুকদাৰ,ভনিতা দাস, জয়শ্ৰী পাটগিৰি,মিতালী দাস,ধৃতিস্মিতা শৰ্মা,চয়নিকা পাটগিৰি,চিমা দাস, পিংকী দাস, নিভা ৰয়, দিক্ষিতা কলিতা,ৰিণি মেধি, ভাৰ্জিনা শৰ্মা, চিমা পাটগিৰি,কুহি বৰুৱা, মৃত্তিকা হালৈ,স্নেহা চৌধুৰী,ভূষিতা পৰাষৰ, কৃষ্টিনা নাথ,ত্ৰিদিপ ৰয়, ধ্ৰুৱজ্যোতি শৰ্মা,অংকুজ্যোতি পাটগিৰি,শিল্পজ্যোতি দাস,ৰিকি কলিতা, চিন্ময় চন্দ্ৰ দাস,প্ৰিতম দাস,বিজিত ডেকা, অক্ষেন্দ্ৰ দাস,জয়শ্ৰী পাটগিৰি, সবিতা দাস, পূজা দাস আৰু বৰষা ৰাণী বৰুৱা । নাট দুখনৰ সামগ্ৰীক ব্যৱস্হাপনাত আছিল ৰূপম কলিতা, ললিতা মেধি,গণেশ আগৰৱালা, চপল ৰয়, উৎপল ৰয়, ভাস্কৰ শৰ্মা, গগণ শৰ্মা, জিতেন পাটগিৰি,প্ৰশান্ত কাকতি, অজয় শৰ্মা,জয়ন্ত দাস, ত্ৰৈলোক্য তালুকদাৰ । নাট্যগল্পৰ সভাপতিৰ দায়িত্বত আছিল নাগেশ্বৰ দাস আৰু সহযোগী আছিল কুলদীপ নাথ, চিন্ময় শৰ্মা । উল্লেখ্য যে চাৰি জুলাইৰ পৰা অনুষ্ঠিত হোৱা শিশু আৰু কিশোৰৰ নাট কৰ্মশালা উদ্বোধন কৰিছিল এন এচ ডি স্নাতক পাপৰি মেধিয়ে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close