বিজ্ঞানবিশেষশীৰ্ষ

নতুন গ্রহৰ সন্ধান

এটি নক্ষত্ৰক কেন্দ্ৰ কৰিয়েই সন্ধান পােৱা গৈছে এটি সৰু নতুন গ্রহৰ। নক্ষত্রৰ চৌদিশে ঘূৰি থকা বালিৰ কণাৰ মাজত আৱিষ্কাৰ কৰা হৈছে এই গ্রহৰ। এই তথ্য সদৰী কৰে ইউৰােপিয়ান চার্দান অৱজাৰভেটৰীৰ জ্যোর্তিবিজ্ঞানীসকলে। কেৱল সন্ধান ওলােৱাই নহয় প্রথমখন আলােকচিত্রও তেওঁলােকে প্রকাশ কৰিবলৈ সক্ষম হৈছে। চিলিত সন্নিৱিষ্ট কৰি ৰখা ই এছ অ’ৰ বৃহৎ টেলিস্কোপৰ সহায়ত এই ছবি তুলিবলৈ সক্ষম হৈছে। জার্মানীৰ বিজ্ঞানী মিৰিয়াম কেপলাৰৰ শেহতীয়া তথ্য অনুসৰি এই গ্ৰহটোৰ ইংগিত তেওঁলােকে পূর্বতে পাইছিল যদিও ইয়াক নিশ্চিত কৰিব পৰা নাছিল। আন এক বৈজ্ঞানিকে মন্তব্য আগবঢ়ায় যে পি ডি এছ ৭০ নামৰ নক্ষত্ৰটোৰ পৰা প্ৰায় তিনি বিলিয়ন কিঃমিঃ ব্যৱধানত এই নতুন গ্ৰহটোৰ অৱস্থিতিৰ সন্ধান পােৱা গৈছে। সৌৰজগতৰ ইউৰেনাছ আৰু সূৰ্যৰ মাজৰ দূৰত্বৰ সমানেই এই নতুন গ্ৰহটোৰ দূৰত্ব। আয়তন হিচাপে ইয়াৰ আকাৰ প্রায় সৌৰজগতৰ বৃহত্তম গ্রহ বৃহস্পতিৰ সমান। গ্ৰহটোৰ ভূমিৰ তাপমাত্রা ১০০০ ডিগ্রী চেলচিয়াছ। গ্ৰহটোৰ মাজৰ অংশত কলা ৰঙৰ সন্ধান পােৱা গৈছে। এই অংশটোক কৰােনাগ্রাফ বুলি কোৱা হয়। নক্ষত্ৰটোৰ পােহৰ গ্ৰহৰ কেন্দ্ৰত অহাত বাধা প্রদান কৰিছে এই কৰােনাগ্রাফে। ই এক প্রকাৰৰ পৰ্দাৰ দৰে। এই পর্দা অবিহনে গ্রহৰ ছবি তােলাটো সম্ভৱ নহয়। উল্লেখ্য যে, বর্তমানলৈকে এই নতুন গ্ৰহটোৰ কোনাে নাম ৰখা নাই বৈজ্ঞানিকসকলে। তেওঁলােকে এই সন্দৰ্ভত বহু পৰীক্ষা-নিৰীক্ষা বর্তমানেও অব্যাহত ৰাখিছে বুলি সদৰী কৰিছে। এই পৰীক্ষাৰ পিছতেই ওলাই পৰিব গ্ৰহটোৰ চাৰিত্রিক বৈশিষ্ট্য।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close