অসমচিন্তাজগতশীৰ্ষ

নগাঁৱত বিৰল প্ৰাকৃতিক পৰিঘটনা

কেমেৰাত বন্দী দুজনমান যুৱকৰ

নিউজ ডেস্ক, ভাল খবৰ: নগাঁৱৰ বঢ়মপুৰৰ আকাশত ২৮জুলাইত এক বিৰল প্ৰাকৃতিক পৰিঘটনা প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে।ডাৱৰীয়া বতৰৰ মাজতে হঠাৎ আকাশৰপৰা এক ডাৱৰৰ কুণ্ডলী ধৰাপৃষ্ঠলৈ নামি আহি বঢ়মপুৰ ঘোগৰ জলাহৰ পানী উঠাই নিছিল ওপৰলৈ। এই বিৰল দৃশ্য প্ৰত্যক্ষ কৰি ম’বাইলৰ কেমেৰাত বন্দী কৰিছিল দুজনমান যুৱকে।

সংবাদ মাধ্যমতো সবিস্তাৰে পৰিৱেশন হৈছিল বাতৰি। ইয়াৰ পাছতেই বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত বঢ়মপুৰৰ ঘোগৰ জলাহত ঘটনা সংঘটিত এলেকা পৰ্যবেক্ষণ কৰিবৰ বাবে উপস্থিত হ’ল দুৰ্যোগ প্ৰশমন বিভাগৰ লোক।দুৰ্যোগ প্ৰশমন বিভাগৰ লোক উপস্থিত হৈ ইতিমধ্যে প্ৰাথমিক পৰ্যবেক্ষণ সম্পন্ন কৰিছে।

দুৰ্যোগ প্ৰশমন বিভাগৰ লোকে চলোৱা এই প্ৰাথমিক পৰ্যবেক্ষণৰ পাছতেই উক্ত স্থানত বৈজ্ঞানিকৰ দল উপস্থিত হোৱাৰো সম্ভাৱনা আছে বুলি জানিবলৈ দিছে। উল্লেখ্য যে, আচলতে সেইদিনা বঢ়মপুৰৰ আকাশত প্ৰকৃততে কি আৰু কিয় তেনে বিৰল প্ৰাকৃতিক পৰিঘটনা সংঘটিত হ’ল সেয়া পৰৱৰ্তী সময়ত বৈজ্ঞানিকৰ দল উপস্থিত হৈ পৰ্যবেক্ষণ কৰাৰ পাছতহে পোহৰলৈ আহিব।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close