অসমবিশেষশীৰ্ষ

নগাঁৱত প্ৰতিষ্ঠা কৰা হ’ল শ্যাম মন্দিৰ

নগাঁৱৰ পৰা প্ৰসেনজিৎ চক্ৰৱৰ্তী, ভাল খবৰ: ভগৱান শ্যাম হ’ল বিষ্ণুৰ অন্য এক অৱতাৰ। বিশ্বাস কৰা হয় যে , তেওঁক আৰাধনা কৰিলে ভক্তৰ সকলো দুখ-কষ্ট দূৰ হয় আৰু তেওঁ সকলো ভক্তৰ সকলো মনোকামনা পূৰণ কৰে। ভগৱান শ্যামৰ এই কৃপা লাভ কৰিবলৈ নগাঁৱৰ খুটিকটীয়া অঞ্চলত শ্যাম ভক্তৰ দ্বাৰা নিৰ্মাণ কৰা হ’ল শ্যাম মন্দিৰ।

প্ৰায় ৫কোটি টকাৰে নিৰ্মিত এই মন্দিৰ সম্পূৰ্ণ আধুনিক সা-সজ্জ্বাৰে গঢ়ি তোলা হৈছে। মুম্বাইৰ কাৰিকৰৰ দ্বাৰা নিৰ্মাণ কৰা এই মন্দিৰ সম্পূৰ্ণ মাৰ্বল পাথৰেৰে সুশোভিত কৰা হৈছে। এই মন্দিৰৰ সৌন্দৰ্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই শ্যাম মন্দিৰৰ প্ৰতিষ্ঠা উপলক্ষে মন্দিৰৰ প্ৰাংগনত ১৯ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। যেনে – যজ্ঞ, আৰতি, ভজন সন্ধিয়া ইত্যাদি।

দেওবাৰে এক ধৰ্মীয় শুভ যাত্ৰাৰো আয়োজন কৰা হয়। য’ত উপস্থিত থাকে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২০০০ হাজাৰৰো অধিক লোক। সোমবাৰে ভগৱান শ্যামৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়।


নগাঁৱত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠিত হোৱা এই শ্যাম মন্দিৰৰ দৰ্শনৰ বাবে এতিয়া সমাগম ঘটিছে অগনন ভক্তৰ । ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ উপস্থিতিয়ে অসমৰ পৰ্যটনৰ সম্ভাৱনাও কিছু পৰিমাণে দেখা দিছে। শ্যাম ভগৱানৰ আগমনত সকলো ভক্ত উৎফুল্লিত হৈ পৰিছে। তেওঁলোক যেন এতিয়া সাজু হৈ উঠিছে শ্যাম ভগৱানৰ ভক্তি ৰসত ডুব যাবলৈ আৰু নিজৰ দুখ-কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close