অসমশীৰ্ষ

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত “বিশ্ব বয়োজ্যেষ্ঠ দিৱস” উদযাপন

বৃদ্ধাক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান

সমগ্ৰ বিশ্বৰ লগতে নগাঁও জিলাতো “বিশ্ব বয়োজ্যেষ্ঠ দিৱস” টি গ্ৰাম বিকাশ পৰিষদত অনুষ্ঠিত হয় ।”গ্ৰাম বিকাশ পৰিষদ”ৰ উদ্যোগত “জিলা সমাজ কল্যাণ বিভাগ” আৰু “নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী”ৰ সহযোগত গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধাশ্ৰমত এই সভাখন অনুষ্ঠিত কৰা হয় । জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত মূখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙ,নগাঁও জিলা সমাজ কল্যাণ বিষয়া দীনেশ দাস,নগাঁও উকীল সন্থাৰ অধিবক্তা তথা পেনেল অধিবক্তা ৰূপালী গোস্বামী, শ্বাহনাজ চুলতানা,সমাজ কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰা,অৰ্ধ আইনী সহায়ক দ্বীপেন শইকীয়া,পাপুমনি বৰা,গ্ৰাম বিকাশ পৰিষদৰ সাধাৰণ সম্পাদক চামচুদ্দিন আহমেদকে ধৰি অঞ্চলৰ বহু গণ্য মান্য ব্যক্তি সভাত উপস্থিত থাকে ।

অনুষ্টানত জ্যেষ্ঠ সকলক সন্মান জনোবাৰ লগতে সমাজত জ্যেষ্ঠ জনে কোনো মানসিক কষ্ট নোপোৱাকৈ স-সন্মানে যাতে জীয়াই থাকিব পাৰে তালৈ সকলোকে চকু দিবলৈ অনুৰোধ জনাই আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে, এই সমগ্ৰ অনুষ্টানটি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ স্নেহবন্ধন প্ৰকল্পৰ অধীনত অনুষ্টিত কৰা হয় । ইফালে,বিশ্ব বয়োজ্যেষ্ঠ নাগৰিক দিৱসৰ লগত সংগতি ৰাখি ডৱকাত আল-আমিন লাইব্ৰেৰী ফাউনড্ৰেচনৰ তত্বা ৱধানত আজি এটি বৃদ্ধাশ্ৰমৰ গৃহ মূুকলি কৰে সম্পাদিকা প্ৰণিতা মৰাঙে | অনুষ্টানতে অঞ্চলৰ ৫ গৰাকীকৈ জ্যেষ্ঠ নাগৰীকক দিৱসৰ লগত সংগতি ৰাখি এখনিকৈ গামোচা,মানপত্রৰে সম্বদ্বৰ্না জনোবা হয় |

আনহাতে,আজি বিশ্ব বয়োজ্যেষ্ঠ দিৱসৰ দিনাই বঢ়মপুৰ সমষ্টিৰ বৰবাৰী-বামুনিৰ গংগা কোঁৱৰ (৬৫) নামৰ এগৰাকী বৃদ্বাক জিলা আইন সেৱা প্ৰাধিকাৰীৰ অৰ্ধ আইনী ববীতা বসুমতাৰী,তুলূ বৰাৰ সহযোগত উদ্ধাৰ কৰি আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত উপস্থিত কৰোবাৰ পিচত আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ তৎপৰতাত বৃদ্ধাগৰাকীক ডৱকাস্থিত বৃদ্ধাশ্ৰমত আশ্রয় প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা কৰি দিয়ে |

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close