বিশেষশীৰ্ষস্বাস্থ্য

নখ ভালে ৰখাৰ কেইটামান ঘৰুৱা উপায়

নিজক আকর্ষণীয় কৰাৰ বাবে সুন্দৰ, পৰিস্কাৰ আৰু স্বাস্থ্যৱান নখৰ বিকল্প নাই। কিন্তু বহু সময়ত অতিৰিক্ত নখপালিচৰ ব্যৱহাৰ, নখত কৰা বিভিন্ন আর্টৰ বাবে নখবােৰ হালধীয়া হৈ যায়। ইয়াৰ উপৰি ৰন্ধা-বঢ়া কৰা, ঘৰৰ বিভিন্ন কাম-কাজ কৰাৰ ফলত নখত নানাধৰণে দাগ পৰে। নখৰ এই হালধীয়া ৰং দূৰ কৰাৰ কেইটামান ঘৰুৱা উপায় হৈছে-

নেমুৰ ৰস : নেমুৰ ৰস নখৰ হালধীয়া ৰং দূৰ কৰাত বিশেষভাৱে কাৰ্যকৰী।

এই ৰসত ১০ৰ পৰা ১৫ মিনিট নখ তিয়াই ৰাখি তাৰ পিছত পানীৰে ধুই পেলাব লাগে। এইদৰে কিছুদিন কৰাৰ পিছত দেখিব হালধীয়া ৰং আঁতৰি গৈছে।

বেকিং ছডা : নখৰ দাগ দূৰ কৰিবলৈ যি উপাদান সকলােতকৈ বেছি ব্যৱহত হয় তাৰ ভিতৰত অন্যতম বেকিং ছ’ডা। এক টেবুল চামুচ বেকিং ছ’ডা, আধা চাহ চামুচ অলিভ অইলৰ লগত এক চাহ চামুচ নেমুৰ ৰস মিহলাই এটা পেষ্ট বনাওঁক। তাৰ পিছত পেষ্টতাে নৰম ব্রাচেৰে নখৰ ওপৰত লগাওঁক। পাঁচৰপৰা দহ মিনিট পিছত গৰম পানীৰে ধুই পেলাওঁক। এনেদৰে এসপ্তাহ লগাওঁক।

বগা টুথপেষ্ট :দাঁত বগা কৰা টুথপেষ্ট নখৰ হালধীয়া ৰং দূৰ কৰাতাে বিশেষভাৱে লাভজনক। নখৰ ওপৰত অলপ বগা টুথপেষ্ট লগাওঁক। তাৰ পিছত ব্রাছেৰে ঘহি দিয়ক। কিছু সময় পিছত কুহুমীয়া গৰম পানীৰে হাত ধুৱক। এইদৰে এসপ্তাহত দুই-তিনিবাৰ কৰিব। একমাহৰ ভিতৰত নখৰ দাগ দূৰ হৈ যাব।

হাইড্রজেন পেৰাঅক্সাইড : হাইড্রজেন পেৰাঅক্সাইড নখৰ হালধীয়া ৰং দূৰ কৰাত বিশেষভাৱে সহায়ক। আধাকাপ পানীৰ লগত ২ ৰপৰা ৩ টেবুল চামুচ হাইড্রজেন পেৰাঅক্সাইড মিহলাই এটা পেষ্ট তৈয়াৰ কৰক। দুই মিনিট পেষ্টটোত নখ তিয়াই ৰখাৰ পিছত এডাল নৰম ব্রাছেৰে নখৰ হালধীয়া অংশটো ঘহি দিয়ক। তাৰ পিছত কুহুমীয়া গৰম পানীৰে নখ ধুই পেলাওঁক। এনেদৰে সপ্তাহত এবাৰ এই পদ্ধতি ব্যৱহাৰ কৰক। তীব্র দাগৰ ক্ষেত্ৰত হাইড্রজেন পেৰাঅক্সাইড পােনপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰে। কেৱল সজাগ হ’ব এই পৰিমাণ যাতে বেছি নহয়।

টিট্রি অইল :প্রথমে আই ড্রপাৰৰ সহায়ত অকণমান টিট্রি অইল নখৰ ওপৰত লগাওঁক। এনেদৰে কিছু সময় ৰাখক। তাৰ পিছত কুহুমীয়া গৰম পানীৰে ধুই পেলাওঁক। এইদৰে দিনত দুবাৰ কৰক। ইয়াৰ উপৰি সমপৰিমাণৰ অলিভ অইল আৰু টিট্রি অইল মিহলাই এটি মিশ্রণ বনাই তুলাৰ সহায়ত নখৰ ওপৰত লগাওঁক। নিয়মীয়াভাৱে কেইটামান মাহ ব্যৱহাৰ কৰিলে নখৰ হালধীয়া ৰং আঁতৰি যাব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close