অসমক্ৰীড়াঙ্গণশীৰ্ষ

ধৰ্ষণৰ বিৰুদ্ধে লামডিঙত মহিলা ফুটবল প্ৰতিযোগিতা

লামডিঙৰ পৰা পল্লৱী কলিতা, ভাল খবৰ: লামডিঙত বনমন্ত্ৰী প্ৰমিলা। লামডিং বিধান সভা সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই নাৰী ধৰ্ষণৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে সমষ্টিটোত অনুষ্ঠিত কৰিছে এখন মহিলা ফুটবল। শেহতীয়াকৈ অসমত সঘনে হৈ থকা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবেই ২১ এপ্ৰিলৰপৰা আৰম্ভ হৈছে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী মহিলা ফুটবল টুৰ্ণামেণ্ট প্ৰতিযোগিতা।

লামডিং ক্ৰিড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই মহিলা ফুটবল টুৰ্ণামেণ্ট প্ৰথম দিনা উদ্বোধন কৰে অসমৰ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই। লামডিঙৰ বিবেকানন্দ খেল পথাৰত আৰম্ভ হোৱা এই মহিলা ফুটবল প্ৰতিযোগিতাখন উদ্বোধন কৰি বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই নাৰীৰ সুৰক্ষাৰ বাবে সকলোৱে সজাগ হোৱাৰ কথা কয়।

অসমৰ বহুখন জিলাৰ মহিলা খেলুৱৈ সকলে অংশগ্ৰহয় কৰা এই প্ৰতিযোগিতাখনে নাৰী প্ৰতি সজাগতা হোৱা মানসেৰে অনুষ্ঠিত হোৱা এই টুৰ্ণামেণ্টখন শুভ আৰম্ভণি কৰে বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই।

খেলৰ আৰম্ভণিতে দুই দলৰ খেলুৱৈ সকলৰ সৈতে চিনাকী পৰ্ব হোৱাৰ লগতে খেলুৱৈ সকলক সম্বোধন কৰি নাৰী জাতি এতিয়া পিছ পৰি থকা নাই, নাৰী জাতি পুৰুষৰ সৈতে সমানে যুজঁ দিব পৰাকৈ আগ বাঢ়ি আহিবলৈ আহ্বান জনাইছে বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই।
খেল আৰম্ভ হোৱা পাছত সংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত বনমন্ত্ৰীগৰাকীয়ে কয় লামডিঙত আহি আনন্দ পাইছোঁ। খেলা ধূলাত আগবাঢ়ি আহিছে মহিলা সকল।
অসমত সঘনাই হৈ থকা নাৰী ধৰ্ষণ কি দৰে ৰোধ কৰিব পাৰি বুলি সোধা এক প্ৰশ্নত বন মন্ত্ৰীয়ে কয়-নাৰী সুৰক্ষা বাবে অতি শীঘ্ৰে উত্তৰ-পূৱৰ কেন্দ্ৰস্বৰূপ গুৱাহাটীতে এক নাৰী সজাগতা সভা আয়োজন কৰা ব্যৱস্থা কৰা হোৱাৰ লগতে ঠায়ে ঠায়ে সজাগতা সভা আয়োজন কৰিলে এই ব্যাধিটো সমাজৰ পৰা নিৰ্মূল হোৱা আশা কৰিব পাৰি। আগন্তুক মন্ত্ৰী সভা সাল সলনি ক্ষেত্ৰত সোধা এক প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে কয় যে, আমাৰ কোনো আপত্তি নাই মন্ত্ৰী সভাৰ সাল-সলনিৰ ক্ষেত্ৰত। অসম গণ পৰিষদে কি কয় সেইটো মই নাজানো। নতুন কোনোবাই মন্ত্ৰীত্ব পোৱাৰ ক্ষেত্ৰতো কোনো আপত্তি নাই মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ।
আনহাতে এন আৰ চিৰ ক্ষেত্ৰত সোধা আন এটা প্ৰশ্নত অসমত বাস কৰা হিন্দু বঙালী সকলক আতংকিত নহ’বলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে। অসমৰ ৰাইজে অসমত পূৰ্বে পৰা বাস কৰা হিন্দু বাঙালী সকলৰ কথা কোৱা হোৱা নাই, যি সকলে বাংলাদেশী হিন্দু সেইসকলৰ কথাহে কোৱা হৈছে ৷ চাৰিদিনিয়াকৈ অনুষ্ঠিত হোৱা মহিলা ফুটবল প্ৰতিযোগিতাখন আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অন্ত পৰে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close