বিনোদন

ধৰিত্ৰী দাসৰ ‘মন’ চুটি ছবিৰ মহুৰত

ঝাৰােবড়ী ও দক্ষিণ কামৰূপ মির্জাৰ নিকটৱৰ্তী ঝাৰােবড়ী অঞ্চলৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সুন্দৰ্ম নাট্য মঞ্চৰ উদ্যোগত এখনি পূর্ণাংগ নাট দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত ঝাৰােবড়ী আঞ্চলিক শাৰদীয় দুর্গা পূজাৰ মহাষ্টমীৰ নিশা প্রদর্শন কৰাৰ অৰ্থে নাটৰ আখৰা ইতিমধ্যে আৰম্ভ হৈছে। উক্ত আখৰা শিবিৰতে (৩০ আগষ্ট) কালি সন্ধিয়া দক্ষিণ কামৰূপ বৰিহাট নিৱাসী উদীয়মান অভিনেত্রী ধৰিত্ৰী দাসৰ কাহিনী নিদের্শনাৰে প্ৰস্তুত কৰা ‘মন -এ ষ্ট’ৰী অন দি স্ট্রাগল অফ এ গার্ল’ নাম চুটি ছবিখন উন্মােচন কৰে। আখৰা শিবৰৰ গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত সুম নাট্য মঞ্চৰ কলা-কুশলীৰ লগতে শতাধিক দর্শক তথা ৰাইজৰ উপস্থিতিত সুন্দৰম নাট্য মঞ্চ – সুনামৰ সভাপতি অভিজিত দাসে শুভ উন্মােচন কৰে। উন্মােচন কৰি মন’ চুটি ছবিখনৰ স্ৰষ্টা ধৰিত্ৰী দাসক দক্ষিণ কামৰূপ তথা অসমৰ এক সম্পদ হৈ উঠক বুলি তেখেতৰ সাৰুৱা ভাষণত ব্যক্ত কৰে। অনুষ্ঠানত সুনামৰ উপদেষ্টা জিতেন দাস আৰু হিতেশ দাসেও ধৰিত্ৰী দাসৰ প্রচেষ্টাক শলাগ লয় আৰু ইয়াৰ পৰাই জীৱনৰ টার্ণিং পইণ্ট হৈ পৰক বুলি অভিহিত কৰে। সাংস্কৃতিক কর্মী ভাস্কৰ কাশ্যপ, ধীৰাজ দাস, ধণমণি কলিতা, জ্যোতিপ্রসাদ দাস, ভূষণ দাসৰ লগতে অভিনেত্রী কৰবী দাস প্রমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটো আটক ধুনীয়া কৰি তােলে। অভিনেত্রী তথা ‘মন -এ ষ্ট’ৰী অন দি স্ট্রাগল অফ এ গার্ল’ নাম চুটি ছবিখনৰ নির্দেশক ধৰিত্ৰী দাসে আখৰা শিবিৰত থকা সকলাে কলা-কুশলীৰ লগতে উপস্থিত সমূহ দৰ্শক তথা ৰাইজক ধন্যবাদ দিয়াৰ লগতে ছবিখন চাবলৈ অনুৰােজনায় । তেওঁ এগৰাকী ছােৱালীৰ মনত কিমান যে হেঁপাহ, কিমান যে সপােন থাকে তাকেই প্রতিফলিত কৰা বুলি উল্লেখ কৰে। চুটি ছবিখনত ধৰিত্ৰী দাস, ভাৰ্গৱ দাস, পম্পী দাস, ধনমণি কলিতাৰ লগতে বহু ন-পুৰণি অভিনেতা অভিনেত্রীয়ে অভিনয় কৰে বুলিও ধৰিত্ৰী দাসে লগতে জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close