অসমভাল খবৰশীৰ্ষ

দৰিদ্ৰতা নেওচি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উজ্বলিল গহপুৰৰ পূজা

গহপুৰৰপৰা ভূৱন শইকীয়াৰ প্ৰতিবেদন, ভাল খবৰ: দৰিদ্ৰতাৰ লগত সহবাস কৰিও উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত উজ্বলিল গহপুৰৰ ঐতিহ্যমণ্ডিত ধন্দীৰ এটি দৰিদ্ৰ পৰিয়ালৰ কন্যা পূজা বৰুৱা। উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ দুটা বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পূজা দ্বীপেন বৰুৱা আৰু ৰূপাঞ্জলী বৰুৱাৰ একমাত্ৰ কন্যা।

পূজাৰ আশা এগৰাকী চিকিৎসক হোৱাৰ। কিন্তু এটা বৃক্কৰে ৰাজমিস্ত্ৰীৰ যোগালিৰ কাম কৰি পৰিয়াল চলাই থকা পুজাৰ পিতৃৰ নাই সামৰ্থ একমাত্ৰ কন্যাৰ আশা পুৰণ কৰিবলৈ। চলিত বৰ্ষত প্ৰস্তুতি চলাবলৈ সময়-সুবিধা নাপালে পূজাই। সেয়েহে অহা বছৰ মেডিকেল বাছনি পৰীক্ষা দিব। এতিয়া পূজাই সিদ্ধান্ত লৈছে গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত নাম ভৰ্তি কৰি geology প্ৰধান বিষয় হিচাপে লৈ ভালদৰে পঢ়িব। ভাল খবৰ ৰ তৰফৰপৰা পূজালৈ অভিনন্দন।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close