অসম

দৰঙামেলা পাগলা বাবা শিৱ মন্দিৰৰ মাহযোৰা বৰ্ণাঢ্য শাওন উৎসৱৰ এক বিৰল তথা সফল সামৰণি

প্ৰদীপ দাস

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ দৰঙামেলা পাগলাবাবা শিৱ মন্দিৰত যোৱা ১৬ জুলাইৰ পৰা মাহযোৰা ব’ল ব’ম শাওন উৎসৱত অগনন ভক্তপ্ৰাণ ৰাইজৰ সমাগমেৰে ধৰ্মীয় তথা আধ্যাত্মিক ৰীতি নীতিৰে প্ৰতিদিনে সম্পন্ন হৈ আছে । প্ৰতি বছৰে অতি বিশাল ভাৱে আয়োজন কৰা মাহযোৰা শাওন উৎসৱৰ আজি অন্তিম দিন।হাজাৰ হাজাৰ ভক্তৰ আগমনৰে প্ৰতি বছৰে সামৰণি উৎসৱটো অতি তাৎপৰ্যপূৰ্ণ আৰু ধৰ্মীয় সংস্কৃতিৰ বাহক ৰূপে পৰিগণিত হৈছে। উল্লেখ যে আজিৰে পৰা বহু বছৰ আগত বৰ্তমানৰ এই মন্দিৰত এজন পাগল লোকে বাহ কৰি নিতৌ শিৱ পূজা কৰি আহিছিল। পৰ্যায় ক্ৰমে পাগল পূজাৰী জনৰ মৃত্যু বৰণ কৰাত তেখেতৰ স্মিতিত স্থানীয় কেইজন মান লোকে উক্ত ঠাইতে তেওঁৰ সমাধিস্থিত কৰি পাগলা বাবা শিৱ মন্দিৰ নামেৰে নামকৰণ কৰা হয়। স্থানীয় লোকৰ বিশ্বাস ভক্তই উক্ত ঠাইত কোনো মানসিক কৰিলে নিজৰ মনোবাঞ্ছা পূৰ্ণ হয়। সময়ৰ লগে লগে এই কথা চৌদিশে বিয়পি পৰাৰ পিছত লাহে লাহে ইয়াত বল বম যাত্ৰীৰ ভিৰ ও বাঢ়ি যায়। বৰ্তমান জিলা খনৰ অন্যতন ধৰ্মীয় স্থান ৰূপে পৰিগণিত হৈছে এই পাগলা বাবা শিৱ মন্দিৰ। ভাৰত-ভূটান সীমান্তৰ পাহাৰৰ সু উচ্চত অৱস্থিত এই পাগলা বাবা শিৱ মন্দিৰত এতিয়া ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা ভক্ত প্ৰাণ ৰাইজে আহি ভিৰ কৰিছেহি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close