অসমভাল খবৰশীৰ্ষ

দৰঙত অনাদৰিত হোৱা বৃদ্ধ-বৃদ্ধাৰ বাবে আশাৰ সঞ্চাৰ আনিছে তুলসী নাথ বৰা বৃদ্ধাশ্ৰমে 

ভাল খবৰ, মঙ্গলদৈ: অনাদৰিত বৃদ্ধ-বৃদ্ধা সকলক সহায় কৰাৰ উদ্দেশ্যৰে আগবাঢ়ি আহিছে দৰং জিলাৰ থ্ৰী মদাৰ্চ এন জি অ’।
দৰং জিলাৰ ছিপাঝাৰৰ গভৰা গাঁৱত অনাদৰিত হোৱা বৃদ্ধ-বৃদ্ধাৰ বাবে আশাৰ সঞ্চাৰ লৈ আনিছে “তুলসী নাথ বৰা “বৃদ্ধাশ্ৰমে। থ্ৰী মাদাৰ্চ এন জি অ’ৰ তত্ত্বাৱধানত চলিব লগীয়া এই বৃদ্ধাশ্ৰমখন মুকলি কৰে দুনী মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ চন্দ্ৰ চহৰীয়াই।


উল্লেখযোগ্য যে, কোনো চৰকাৰী সা-সুবিধা নোপোৱাকৈ বৃদ্ধাশ্ৰমখনৰ বাবে গভৰা গাঁৱৰে সন্তান হেৰম্ব বৰাই নিজ ঘৰখনৰ লগতে ১২ বিঘা মাটি অনুষ্ঠানটিৰ বাবে দান কৰে।

বিশিষ্ট অভিনেতা নয়ন নিৰ্বাণে আঁত ধৰা মুকলি সভাত বিশেষভাৱে উপস্থিত থাকে অসম সাহিত্য সভাৰ মুখপাত্ৰ চহিৰ ভূঞাৰ লগতে জিলাখনৰ বহু গণ্যমান্য লোক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close