স্বাস্থ্য

দেৱা ফলৰ কিছু স্বাস্থ্যসন্মত গুণাগুণ

দীপা হাতীকাকতি

বিলুপ্তপ্ৰায় এই ফল বিধ দেখিবলৈ অলপ কঁঠালৰ দৰে কিন্তু আকাৰত সৰু। পকিলে ইয়াৰ সোৱাদ টেঙা মিঠা হয় । এই ফল বসন্ত ঋতুত পোৱা যায় ।এই ফল পকিলে ইয়াৰ ভিতৰৰ সাহ অংশ খোৱা হয়।

ইয়াৰ প্ৰতি 100 গ্ৰামত – খনিজ 0.8 গ্ৰাম , খাদ্যশক্তি 66 কিলোকেলৰি , আমিষ 0.7 গ্ৰাম , শৰ্কৰা 13.3 গ্ৰাম , কেলচিয়াম 50 মিলিগ্ৰাম , লৌহ 0.5 মিলিগ্ৰাম , ভিটামিন B1 0.02 মিলিগ্ৰাম , ভিটামিন B2 0.15 মিলিগ্ৰাম , ভিটামিন C 135 মিলিগ্ৰাম , পটাচিয়াম 148.33 মিলিগ্ৰাম পোৱা যায় ।
এই ফলৰ বহুতো ঔষধি গুণ আছে –

* এই ফল খালে কুষ্ঠকাঠিন্য , পেটৰ বিষ আৰু গেছৰ সমস্যা দূৰ হয় ।
* ই যকৃতৰ নানান সমস্যা দূৰ কৰি যকৃত সুৰক্ষিত কৰি ৰাখে ।
*ইয়াক কেঁচা অৱস্থাতে পিহি পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত খালে পেট চাফা হয় ।
*ইয়াৰ গছৰ ছালৰ গুৰি কৰি মুখত লগালে ছালৰ শুষ্কতা আৰু মুখৰ ছালত উঠা গুটিৰ সমস্যা দূৰ হয় ।
*এই ফল খালে আমাৰ ছাল , চুলি আৰু নখ মজবুত হৈ থাকে ।
*এই ফলত বহুত কেলচিয়াম থকা বাবে এই ফল খালে দাঁত , হাড় মজবুত আৰু সুৰক্ষিত হৈ থাকে ।
*ইয়াত থকা পটাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে হৃদযন্ত্ৰ সুৰক্ষিত কৰি ৰাখে আৰু স্ট্রোকৰ সম্ভাৱনা বহুত খিনি দূৰ কৰে ।
*এই ফল খালে মেদবহুলতাৰ সমস্যা দূৰ হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close