আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

দৃষ্টিহীনৰ বাবে এপছ আৱিষ্কাৰ

গুগল। বিশ্বৰ সবাতােকৈ জনপ্রিয় এক নাম। এই শব্দটো হয়তাে নুশুনা মানুহৰ সংখ্যা তেনেই কম। এক কথাত কবলৈ গ’লে এই শব্দটোৰ অন্তৰালত সমগ্র পৃথিৱীখনেই যেন সােমাই আছে। শেহতীয়াকৈ গুগলে অন্য এক সৃষ্টিৰে সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। গুগলে তেওঁলােকৰ বিদ্যামান এনড্রয়ড ফোনক কৃত্রিম বৃদ্ধিমত্তাৰ জৰিয়তে দৃষ্টিহীনসকলৰ সহায়ক হিচাপে গঢ় দিবলৈ উঠি পৰি লাগিছে। ইয়াৰ বাবে তেওঁলােকে লুকআউট’ নামৰ এটি এপছ উদ্ধাৱন কৰিছে। যিয়ে ফটো চিনাক্তকৰণ আৰু কৃত্রিম বুদ্ধিমত্তা এই দুই প্রযুক্তিক ব্যৱহাৰ কৰি ফোনৰ কেমেৰাৰ জৰিয়তে যিকোনাে দৃশ্য বর্ণনা কৰিব পাৰিব। গুগলে বর্তমান এপছবিধক লৈ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে। গুগুলৰ শেহতীয়া তথ্য অনুসৰি এই বছৰৰ শেষৰফালে এই এপছবিধ মুকলি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। ইয়াৰ লগতে পি’েল ডিভাইচৰ সৈতে ইয়াৰ ব্যৱহাৰ আৰম্ভ কৰিব। এই এপছবিধৰ জৰিয়তে কেৱল গুৰুত্বপূর্ণ তথ্য খিনিহে বর্ণনাসহ লাভ কৰিব পৰা যাব। যদি কোনাে ব্যক্তিয়ে এই বর্ণনা কৰাৰ এপছবিধ বন্ধ কৰিব বিচাৰে তেন্তে কেমেৰাৰ ওপৰত হাত থলেই বা এপছবিধৰ বন্ধ বুটাম টি পি ধৰিলেই বন্ধ হৈ পৰিব। গুগলে এই এপছত ভিজিৱেল চাট টুল গুগল লেন্সৰ প্রযুক্তি ব্যৱহাৰ কৰিছে। প্রতিষ্ঠানটোৰ ভাষ্য অনুসৰি লুকুআউট এপছটি মেচিন লার্নিং, ইমেজ চিনাক্তকৰণ আৰু বিভিন্ন মেছিন লার্নিং মডেলসমূহৰ এটি সম্ফলিত ৰূপহে। দৃষ্টিহীনসকলক সহায় কৰিবলৈ এনেধৰণৰ এপছ এয়াই প্রথম নহয়। ইয়াৰ পূর্বেও কৃত্রিম বুদ্ধিমত্তা আৰু স্মার্টফোন ব্যৱহাৰ কৰি মাইক্ৰ’চফটেও তেওঁলােকৰ আইওএছ ব্যৱহাৰকাৰীসকলৰ বাবে এনেকুৱা এবিধ এপছ তৈয়াৰ কৰিছিল। এই এপছৰ জৰিয়তে প্রিন্ট বা হস্তাক্ষৰ লিখা পঢ়িব পৰাৰ লগতে ৰঙৰ বৰ্ণনা তথা মুদ্ৰাৰ মুল্যায়ন কৰিব পৰা গৈছিল। ইয়াৰ উপৰি চেহেৰা চিনাক্তকৰণ উপাদানাে সন্নিবিষ্ট আছিল। উল্লেখ্য যে ভৱিষ্যতে তেওঁলােকে লুকুআউট চেহেৰা চিনাক্তকৰণৰ ফিচাৰটি যােগ কৰিব বুলি সদৰী কৰে। সঁচাকৈয়ে গুগলৰ এই ব্যতিক্রমী পদক্ষেপে দৃষ্টিহীনসকলক বহু পৰিমাণে সহায় কৰিব। মুকলিৰ পূর্বেই ইতিমধ্যে এই এপছবিধে জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close