অসমবিশেষশীৰ্ষ

দুধনৈৰ ১৭৪ বছৰীয়া মা বিষহৰি মন্দিৰত “শিৱ লিংগ” আৰু “গাৰো-গাৰোৱানী”ৰ প্ৰতিমা সংস্থাপন

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

যুগ যুগে সমন্বয় আৰু সম্প্ৰীতিৰ ঐতিহ্য বহনকৰা দুধনৈ চহৰৰ নিকটৱৰ্তী বগুলামাৰী গাওঁত ১৮৩৫ চনতে স্থাপন কৰা ১৭৪ বছৰীয়া শ্ৰীশ্ৰী মা বিষহৰি মন্দিৰত যোৱা ২ ডিচেম্বৰ তাৰিখে নতুনকৈ “শিৱ লিংগ” আৰু “গাৰো-গাৰোৱানী”ৰ স্থায়ী প্ৰতিমা স্থাপন কৰা হয় ৷ ৰাভা আৰু বড়ো জনগোষ্ঠী অধ্যুষিত বগুলামাৰী গাওঁত ১৮৩৫ চনৰ পৰাই শ্ৰীশ্ৰী মা বিষহৰি মন্দিৰত লাঙাদেউৰ ৰূপত  প্ৰভু শিৱ আৰু মা মনসা দেবীক পৰম্পৰাগত ভাবে বিগত সময়ছোৱাত স্থানীয় ভক্ত প্ৰাণ ৰাইজে পৰম্পৰাগত ভাবে পূজা অৰ্চনা কৰি আহিছে ৷ এই উপলক্ষে আয়োজিত দিনজোৰা কাৰ্যসূচী অনুসৰি ৰাতিপুৱা সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰা অনুযায়ী আয়তীৰ উৰুলি শংখধ্বনিৰ মাজেৰে বগুলামাৰী গাওঁৰ নকুল বড়োৰ পত্নী তুলিকা বড়ো আৰু হাকিমা দৈমাৰী পত্নী কল্পনা দৈমাৰীয়ে দান কৰা ক্ৰমে মাৰ্বল পাথৰৰ “শিৱ লিংগ” আৰু “গাৰো-গাৰোৱানী” (জনগোষ্ঠীয় ইষ্ট দেৱতা) ৰ দুটি প্ৰতিমা স্থাপন কৰা হয় ৷ বগুলামাৰী মৌজাৰ সভাপতি আৰু মন্দিৰ পৰিচালনা কমিটিৰ সভাপতি সঞ্জয় ৰাভাই আঁত ধৰা অনুষ্ঠানত “শিৱ লিংগ” প্ৰতিষ্ঠা কৰে দুধনৈ পশ্চিমাঞ্চল ৰাভা সমাজৰ সম্পাদক অনাদি কুমাৰ ৰাভাই ৷ আনহাতে “গাৰো-গাৰোৱানী”ৰ প্ৰতিমা স্থাপন কৰে দুধনৈ সমবায় সমিতিৰ সম্পাদক গুণধৰ ৰাভাই৷ সুন্দৰ প্ৰাকৃতিক পৰিবেশত থকা এই মন্দিৰত সপ্তাহৰ প্ৰতিটো শণিবাৰ আৰু মঙলবাৰে পূজা অৰ্চনা হোৱাৰ উপৰিও চ’তৰ শেষ আৰু বহাগৰ আৰম্ভনিত বাৰ্ষিক পূজা অনুষ্ঠিত হয় ৷ প্ৰতিমা স্থাপন অনুষ্ঠানত বগুলামাৰী গাওঁ উপ স্বাস্থকেন্দ্ৰৰ এ এন এম নিৰলা বড়ো ৰায়, অংগনাবাদী কেন্দ্ৰৰ পৰিদৰ্শকদ্বয় নিতুমনী ৰাভা আৰু অন্নদা ব্ৰহ্মৰ লগতে বহুসংখ্যক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মন্দিৰ চৌহদত সেউজ পৰিবেশ বৰ্ধনৰ বাবে গছপুলিও ৰোপন কৰা হয় ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close