অসমবিশেষশীৰ্ষ

দুধনৈত নিখিল ৰাভা ছাত্ৰ সন্থা-নিখিল ৰাভা মহিলা পৰিষদৰ অধিবেশন

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

দুধনৈ ৰাজহুৱা খেল পথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সপ্তদশ দ্বি-বাৰ্ষিক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দশম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত আৰছু আৰু মহিলা পৰিষদৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি ৰমেন সিং ৰাভা আৰু মহিলা পৰিষদৰ পতাকা উত্তোলন কৰে মহিলা পৰিষদৰ সভানেত্ৰী হিমাৰাণী ৰাভাই ৷ ইয়াৰ পাছতে শ্বহীদ তৰ্পণ কৰে আৰছুৰ সম্পাদক নৃপেন খান্দাই ৷ পতাকা উত্তোলন কৰি দিয়া ভাষণত আৰছুৰ সভাপতি ৰমেন সিং ৰাভাই কয় – ৰাভা সকল সাহসী জাতি ইতিহাসে তাকেই কৈ গৈছে ৷ কাৰণ ৰাভা সকলে সদায় সাহসেৰে জীয়াই থাকিব বিচাৰে ৷

আনহাতে ষষ্ঠ অনুসূচীৰ ক্ষেত্ৰত সভাপতি ৰমেণ সিং ৰাভাই কয়, আমি দীৰ্ঘ দিনৰ পৰা ষষ্ঠ অনুসূচী দাবী কৰি আহিছো আৰু এই ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত আশাবাদী । যিহেতু ৰাভা জাতিৰ স্বাৰ্থত নিখিল ৰাভা ছাত্ৰ সন্থাই শাসনাধিষ্টিত চৰকাৰৰ সৈতে সহায়-সহযোগিতা আগবঢ়াই আছে । সেয়ে আমি চৰকাৰৰ ওচৰত আশাবাদী। কিন্তু চৰকাৰে যদি ৰাভা জাতিৰ সমস্যা সমাধানত সদিচ্ছা প্ৰকাশ নকৰে আগন্তক দিনত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম অব্যাহত ৰাখিব ৷ আনহাতে কা সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে ,কা সম্পৰ্কত ৰাভা জাতিৰ অধিকাৰৰ স্বাৰ্থত কিছু নীৰৱতা অৱলম্বন কৰি আছো ৷ কিন্তু সমগ্ৰ অসমৰ ৰাইজৰ ক্ষতি হ’ব পৰা কামৰ বিৰুদ্ধে আমি সদায় চৰকাৰৰ বিৰুদ্ধে মাত মাতি যাম ৷ আনহাতে অধিৱেশনৰ কাৰ্যকৰী সভাপতি তথা ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই এই অধিৱেশনৰ দ্বাৰা সমাজলৈ এক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব বুলি উল্লেখ কৰে ৷ ইপিনে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি গ্ৰন্থ উন্মোচনী সভাত আৰছুৰ মুখপত্ৰ “ছিঙিহুৰাং” উন্মোচন কৰে আৰছুৰ প্ৰাক্তন সভাপতি ভকত চেৰান, মহিলা পৰিষদৰ মুখপত্ৰ “বিছিং” উন্মোচন কৰে শিক্ষয়িত্ৰী পাৰুল ৰাভা, আদৰণি সমিতিৰ স্মৃতি গ্ৰন্থ “ৰাংফে “উন্মোচন কৰে দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ললিত চন্দ্ৰ ৰাভা আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰসেন চন্দ্ৰ ৰাভাৰ গল্প সংকলন “এই সীমাৰ সিপাৰে “উন্মোচন কৰে ৰাভা হাছঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভাই । আবেলি ২ বজাত অধিবক্তা শব্দ ৰাম ৰাভাৰ সঞ্চালনাত “সাম্প্ৰতিক পৰিস্থিতিত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ প্ৰাসঙ্গিকতা আৰু ৰাভা সকলৰ সংগ্ৰাম” শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় ।আলোচনা চক্ৰত আলোচক হিচাপে ভাগ লয় কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰবীন্দ্ৰ ৰংপি, অধিবক্তা তথা স্তম্ভ লেখক কিশোৰ কলিতা আৰু আৰছুৰ প্ৰাক্তন সভাপতি তুলশী মানস ৰাভা ৷ আলোচনা চক্ৰত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ খনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰণৰ প্ৰাসঙ্গিকতা সম্পৰ্কত আলোচনা কৰে আৰু আলোচনাত ষষ্ঠ অনুসূচী আজুৰি অনাৰ বাবে নিখিল ৰাভা ছাত্ৰ সন্থাই তীব্ৰ ৰূপে আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব লাগিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close