অসমভাল খবৰশীৰ্ষ

দুই দৃষ্টিহীনৰ জীৱনলৈ আহিল দৃষ্টিৰাণী 

ৰূপজ্যোতি শইকীয়া:

এহাল অন্ধ দম্পত্তি। জীৱনটোত বিভিন্ন দুখ বেদনাক বুকুত বান্ধি লৈ নিজৰ শিল্প প্ৰতিভাৰে ৰাজ্যবাসীৰ ওচৰত চিনাকী দিবলৈ সক্ষম হৈছে দম্পত্তিহালে। দিনে- নিশাই চকুত চকুলো লৈ সংগীতৰ পথাৰ লখনত নিজকে চিনাকী দিবলৈ সক্ষম হোৱা কামপুৰৰ ভৱেন বৰা আৰু মনি হাজৰিকাৰ ওঠত হাঁহি বিৰিঙিছে। কাৰণ, তেওঁলোকৰ জীৱনলৈ আহিছে দৃষ্টিৰাণী।দৃষ্টিৰাণীয়ে হেনো তেওঁলোকৰ চকুত দৃষ্টি দিব।

মানুহৰ অদম্য ইচ্ছা শক্তি থাকিলে জীৱনৰ সফলতাৰ বাটত কেতিয়াও হেঙাৰ আহিব নোৱাৰে। বহু ঘাট প্ৰতিঘাটেও বাধা দিব নোৱাৰে প্ৰতিভাক। মনত আকাশ চোৱাৰ হেপাঁহ পুহি ৰখাৰ বাবেই কামপুৰৰ এহাল অন্ধ দম্পত্তিয়ে এতিয়া ৰাজ্যত নিজৰ চিনাকী দিবলৈ সক্ষম হৈছে।

ভবেন বৰা । ১৯৭৯ চনত কাকীত তেওঁৰ জন্ম হৈছিল পিছত কামপুৰৰ ডেকা পতিয়াগাৱত স্থায়ীভাৱে থাকিবলৈ লৈলে ।মাতৃৰ নাম বিনা বৰা দেউতাকৰ নাম ললিত বৰা । ছয় বছৰ বয়সত বসন্ত ৰোগত আক্ৰান্ত হৈছিল তাৰপিছত সাত বছৰত বঢ়মপুৰ অন্ধ বিদ্যালয়ত নাম ভৰ্ত্তি কৰাই দিয়ে ।তাতে সংগীত চৰ্চা আৰম্ভ কৰিছিল।বাদ্য যন্ত্ৰত পাৰ্গত আছিল ।দশম মান লৈকে অধ্যয়ন কৰি পঢ়া বাদ দিলে । তেওঁৰ গুৰু হৈছে তবলা বাদক পুস্প বৰা। গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰত কাম কৰিছিল।সুৰদেৱী থিয়েটাৰ বাদ্যযন্ত্ৰৰ সহযোগি হিচাপে তেওঁ দুবছৰ কাম কৰে ।

ভালুকমাৰীৰ নীলকণ্ঠ পুতলা থিয়েটাৰতো কাম কৰিছিল লগতে প্ৰশিক্ষক হিচাপে অসমৰ বিভিন্ন স্থানত কাম কৰে। দুই এটা মঞ্চত বাদ্যযন্ত্ৰ সহযোগী হিচাপে কাম কৰোতে মনিক লগ পায়।তিনি বছৰৰ পিছত বিবাহ হয় তেওঁলোকৰ।

২০১২ চনৰ চাৰি অক্টোবৰত তেওঁলোকৰ বিবাহ সম্পন্ন হয়। মনিক লৈ তেওঁ সুখী ।কাৰণ,সংগীতৰ লগত জড়িত মানুহক তেওঁ বহুত ভাল পায় ।সংগীতত জড়িত থকা এগৰাকী মানুহক পায় তেওঁ বহুত সুখী। তেখেতৰ সুযোগ্যা পত্নী
মনি বৰাৰ জন্ম হয় ১৯৮৬
চনত ঘিলাণী গাঁৱত । নিচেই সৰু কালতে মাতৃ মধুমতী হাজৰিকাৰ মৃত্যু হৈছিল। মাতৃৰ মৃত্যুৰ পিছত পিতৃয়েও তেওঁক এৰি গুচি যায় । তেতিয়াৰ পৰা ককাক- অাইতাকে মনিক ডাঙৰ-দীঘল কৰে, কিন্তু বিদ্যালয়ৰ অানুষ্ঠানিক শিক্ষা দিয়াব নোৱাৰিলে। তেওঁ সৰু কালৰ পৰাই গানৰ প্ৰতি অাকৃষ্ট অাছিল। ক’ৰবাত শুনি শুনি গান শিকিছিল লাভ লেটাৰ গানৰ যোগেদি তেওঁ গীত আৰম্ভ কৰিছিল। গানৰ প্ৰতি ধাউতি থকা দেখি যগেশ্বৰ বৰা নামৰ এজন শিক্ষক ঠিক কৰি দিলে য’ত মনিয়ে হাৰমনিয়াম শিকিবলৈ ল’লে। নগাঁও ৰেডিঅ’ চেণ্টাৰত তেওঁ লোকগীত গাইছিল।অসমৰ সকলো কেইটা বৈদ্যুতনিক সংবাদ মাধ্যমত বিভিন্ন” অনুষ্ঠানত নিজৰ সুৰীয়া কণ্ঠেৰে চেমিফাইনেলত প্ৰৱেশ কৰিছিল।

হয়; মই মনি হাজৰীকা তেওঁ স্বামী ভবেন বৰাৰ কথাই কৈছো। কিন্তু, হঠাৎ এই দম্পত্তি হালৰ ওঠত হাঁহি বিৰিঙিছে। মনি কোলাত এতিয়া এটি আঠাইশ দিনীয়া কন্যা সন্তানে ওমলিছে,নাম দিছে দৃষ্টিৰাণী বৰা। দুখৰ দিন নাযায় নুপুৱাই। তেওঁলোকৰ তিনিটি সন্তান ঢুকাল। দৃষ্টিৰাণী হৈছে তেওঁলোকৰ চতুৰ্থ সন্তান। তেওঁলোক যেনেকৈ গীতৰ লগত জড়িত ঠিক তেনেকৈ কণমানি দৃষ্টিৰাণীকো সংগীতৰ জগত খনলৈ অনা অাশা পুহি ৰাখিছে।
উল্লেখ্য যে, শাৰিৰীকভাৱে সক্ষম হৈও সমাজৰ বাবে যি নিৰ্দশন দাঙি ধৰিছে তাৰ বাবে সকলোৰে বাবে আৰ্দশ হৈ পৰিছে এই দম্পত্তি হাল। শাৰিৰীকভাৱে অক্ষম হৈ নিজ সন্তানৰ জৰিয়তে নিজ লগতে আন দহজনক পোহৰ কৰাৰ বাবে অজস্ৰ আশা পুহি ৰখা দম্পত্তিহালক সহায়ৰ বাবে আহক আমি সকলো আগবাঢ়ি যাওঁ।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close