বিনোদনবিশেষ

দিলীপ কুমাৰৰ কাষত শ্বাহৰুখ

বলীউডত প্ৰায়ে চর্চা হয় যে শ্বাহৰুখ খান দিলীপ কুমাৰৰ তোলনীয়া পো আৰু সেয়েহে চিকিৎসাধীন হৈ থকা জ্যেষ্ঠ অভিনেতা দিলীপ কুমাৰৰ ঘৰত উপস্থিত হয় বলীউডৰ কিং খান। দিলীপ কুমাৰৰ কাষত বহি থকা সেই বিশেষ ফটোখন টুইটাৰযোগে প্ৰচাৰ কৰিলে দিলীপ কুমাৰৰ পত্নী ছাইৰা বাণুৱে। ছবিখনত দেখা গৈছে যে দিলীপ কুমাৰ আৰু তেওঁৰ পত্নী বাণুৰ সৈতে একেলগে বহি আছে শ্বাহৰুখ খান। কিডনীৰ সমস্যাৰ বাবে হাস্পতালত ভর্তি হবলগীয়া হৈছিল দিলীপ কুমাৰ। কিছুদিন ধৰি হাস্পতালতে ৰখা হৈছিল। তেওঁক। বহু সময়ত শুনিবলৈ পোৱা গৈছিল যে বলীউডৰ এই জ্যেষ্ঠ অভিনেতাজনৰ শাৰিৰীক অৱস্থাৰ অৱনতি ঘটিছে। কিন্তু যোৱা কিছুদিন পূর্বে হাস্পতালৰ পৰা নিজ ঘৰলৈ আহে দিলীপ কুমাৰ। সম্প্রতি তেওঁ সুস্থ অৱস্থাত আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close