ক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

দাদাগিৰি

গলিয়ে গলিয়ে দুষ্টামি কৰি মানুহৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হােৱা সেইগৰাকী ব্যক্তিয়ে আজি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডত চলাইছে দাদাগিৰি। প্ৰজন্মৰ প্রতীক হিচাপে চিহ্নিত এই ব্যক্তিগৰাকী হৈছে বেংগলৰ দাদা সৌৰভ গাংগুলী। কার্যভাৰ গ্ৰহণ কৰিয়েই দাদাই আৰম্ভ কৰিলে ভাৰতীয় ক্রিকেটত আমূল পৰিৱৰ্তন। প্রথম কার্যসূচী হিচাপে গ্রহণ কৰিলে গােলাপী বলৰ টেষ্ট অর্থাৎ দিবা-নৈশ টেষ্ট। এয়া ভাৰতীয় ক্রিকেটৰ বাবে ঐতিহাসিক সিদ্ধান্ত। ইয়াৰ পূর্বে ভাৰতে দিবানৈশ টেষ্ট অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তীব্র বিৰােধিতা কৰি আহিছিল। গাংগুলীৰ প্রত্যাৱর্তনে ভাৰতীয় ক্রিকেটক দিলে এক নতুন মাত্রা। লগে লগে বিশ্বৰ ভিন্ন প্রান্তৰ লগত বাঢ়িল সম্বন্ধৰ এনাজৰী। ইতিমধ্যে ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ প্ৰধানমন্ত্রী শেখ হাছিনাকো কলকাতাত হ’বলগীয়া দিবা-নৈশ টেষ্টত আমন্ত্রণ জনাই এক চমক সৃষ্টিকৰিছেদাদাই। দাদাৰ কথা এটাই ক্রীড়া ৰাজনীতিতকৈ ঊর্ধ্বৰ নহয়। আমি খেলুৱৈ মানুহ। খেলেৰেই জগত জিনিব বিচাৰাে। দাদা একেবাৰে স্পষ্টবাদী যদিও এতিয়া বিচিচিআইত অমিত শ্বাহৰ পুত্র জয় শ্বাহৰ ৰাজত্ব। সি যিয়ে নহওক পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close