বিশেষশীৰ্ষস্বাস্থ্য

থায়ৰইড সমস্যাৰ ঘৰুৱা সমাধান

জিকমিক বৰদলৈ

থায়ৰইডৰ সমস্যাবোৰৰ ভিতৰত এটি অন্যতম সমস্যা হৈছে হাইপ’থায়ৰইডিজমৰ সমস্যা। আৰু এই ৰোগ নিৰাময়ৰ উদ্দেশ্যে বহুজনে বছৰ বছৰ ধৰি বিভিন্ন ঔষধ সেইয়া লাগিলে এল’পেথি,আয়ুৰ্বেদিক বা হমিঅ’পেথি হওক ব্যৱহাৰ কৰি আহিছে। বহু সময়ত এনে ঔষধ বোৰৰ দীৰ্ঘদিনীয়া ব্যৱহাৰৰ ফলত দেহত ঔষধৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়।বিশেষকৈ মহিলাৰ ক্ষেত্ৰত স্তনৰ টিউমাৰ,জৰায়ুৰ টিউমাৰ ইত্যাদি ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়গৈ। সেয়েহে প্ৰাথমিক পৰ্যায়ত ৰোগ ধৰা পৰিলে এনে ঔষধ বোৰ সেৱন কৰাৰ লগতে ঘৰুৱা এটি উপকৰণ দৈনিক সেৱন কৰিলে পাছলৈ আপোনাৰ থায়ৰইড গ্ৰন্থিক সুস্থ-সবল কৰি ৰখাৰ লগতে বিভিন্ন ৰোগৰ পৰাও থায়ৰইড গ্ৰন্থিক বচাই ৰাখিবলৈ আপুনি সক্ষম হব লগতে পাছলৈ এনে ঔষধ বোৰৰ পৰাও নিস্তাৰ পাব পাৰে।

আহকচোন জানো ঘৰতে উপকৰণটি কেনেকৈ তৈয়াৰী কৰিব…
প্ৰয়োজনীয় সামগ্ৰী:-
১) এটা তিয়ঁহ,
২)দুটা গাজৰ,
৩)এচামু তিচি গুটিৰ গুৰি (এবিধ তৈল জাতীয় বীজ)

এটা তিয়ঁহ আৰু দুটা গাজৰ পটাত পিহিলৈ বা মিক্সাৰ গ্ৰাইণ্ডাৰত পিহিলৈ ৰস উলিয়াই লব । এই ৰসৰ লগত এচামুত তিচি গুটিৰ গুৰি মিহলাই লওক। তৈয়াৰী হৈ পৰা উপকৰণটি প্ৰতিদিনে পুৱা খালিপেটত খাওক।
মনত ৰাখিব:-
আধাঘন্টাৰ পিছতহে আন আহাৰ খাব ।
এইদৰে কিছুদিন খালে থায়ৰইড গ্ৰন্থিৰ সকলো ধৰণৰ ৰোগ ভাল হোৱাৰ সম্ভাৱনা বাঢ়ি যায় আৰু লগতে থায়ৰইড গ্ৰন্থিও অধিক কাৰ্যক্ষম হৈ পৰে আৰু সুচাৰু ৰূপে থায়ৰক্সিন হৰমন উৎপাদন, নি:সৰন আৰু তেজৰ জৰিয়তে সঞ্চালন সম্পূৰ্ণভাৱে কৰিবলৈ ধৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close